Rhino menace in kaziranga : কাজিৰঙাৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ
নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : ৰাজ্যত গড়ৰ আতংক ৷ গড়ৰ বনাঞ্চলৰ পৰা জনাঞ্চলত গড়ৰ আতংক।
দীৰ্ঘদিনৰ পৰা হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ কৰি আহিছে একাংশ ভুক্তভোগীয়ে। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
ৰাজ্যত অব্যাহত আছে বন্যপ্ৰানী আৰু মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে এই সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই আমি শুনিবলৈ পাওঁ বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাতৰ কথা(Rhino menace in kaziranga)।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰানী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ লগতে নামি আহে বিভিন্ন প্ৰজাতিকৰ জীৱ-জন্তু । বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰানী(Rhino menace in kaziranga )।
এইবাৰ ৰাজ্যত গড়ৰ আতংক । কাজিৰঙাৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ। কিছুদিনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি জনাঞ্চলত বিচৰণ কৰাটো একপ্ৰকাৰ অভ্যাসত পৰিণত হৈছে গঁড়বোৰৰ৷
অৱশ্যে ঘৰচীয়া জীৱ-জন্তুৰ লগত বিচৰণ কৰি থকা গঁড়টোৱ বৰ্তমানলৈকে ক্ষয়-ক্ষতি কৰা নাই গাঁও খনৰ ৷ মঙলবাৰে পুনৰ ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ পৰা পুৱাই ওলাই অহা গঁড়টোৱে বহু সময় বিচৰণ কৰে দাঁতি কাষৰীয়া ম’হপাৰা গাওঁত। গাওঁখনৰ ধাননিপথাৰত বহুসময়ত বিচৰণ কৰাৰ অন্তত বন বিভাগৰ লোকে গঁড়টোক খেদি পঠিয়াবলৈ সক্ষম হয়।
বন বিভাগৰ লোকে শূন্যলৈ গুলিচালনা কৰাৰ পিছতহে গঁড়টোৱে ভীতিগ্ৰস্ত হৈ উদ্যানৰ অন্তৰ্ভাগত প্ৰৱেশ কৰে। উল্লেখ্যে যে সুকলমে গঁড়টোক খেদি পঠিওৱাৰ পিচত স্বস্তিৰ নিশ্বাস পেলায় বন বিভাগ তথা স্থানীয় ৰাইজে।
লগতে পঢ়ক : Guwahati AIR BNB Incident : নিশা হ’লে কি চলে মহানগৰীৰ একাংশ গেষ্ট হাউচত ?