Rhino menace in Dhekiajuli : ৰাজ্যত গড়ৰ আতংক
নিউজ ডেস্ক, ২৩ নৱেম্বৰ : ৰাজ্যৰ এটা প্ৰান্তত গড়ৰ আতংক ৷ গড়ৰ আতংকত নিদ্ৰাহৰণ অঞ্চলবাসী ।
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ কৰি আহিছে একাংশ ভুক্তভোগীয়ে। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
ৰাজ্যত অব্যাহত আছে বন্যপ্ৰানী আৰু মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে এই সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই আমি শুনিবলৈ পাওঁ বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাতৰ কথা(Rhino menace in Dhekiajuli)।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰানী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ লগতে নামি আহে বিভিন্ন প্ৰজাতিকৰ জীৱ-জন্তু । বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰানী(Rhino menace in Dhekiajuli )।
এইবাৰ ৰাজ্যত গড়ৰ আতংক । গড়ৰ আতংকত সংকিত হৈ পৰিছে অঞ্চলবাসী । শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ জামুগুৰি গাঁৱত গড়ৰ মুক্ত বিচৰণ।
বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গড়টো উলাই আহিছে । বুধবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই শিঙৰি বনাঞ্চলত প্ৰৱেশ কৰিছিল গড়টোৱে। বৃহস্পতিবাৰে বগৰিবাৰী হৈ গড়টো জামুগুৰি গাঁৱত সোমাইছে বুলি জনাইছে বন বিভাগৰ লোকে।
বৰ্তমানলৈকে খেতিপথাৰত শান্তিপূৰ্ণ ভাৱেই আছে খাদ্যৰ সন্ধানত ওলাই অহা গড়টো। ৰাইজৰ ক্ষয়-ক্ষতি যাতে নহয় তাৰ বাবে বন বিভাগৰ লোকে সম্পূৰ্ণ নিৰীক্ষণত ৰাখিছে গড়টো। সন্ধিয়াৰ ভাগত গড়ে আপোনা আপুনি বাট লয়, গতিকে সন্ধিয়াৰ ভাগতে সম্পূৰ্ণ নিৰীক্ষণৰ মাজেৰে গড়টো পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছে বন বিভাগৰ লোকে।
লগতে পঢ়ক : Shootout at Punjab gurdwara : আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা, গুলীচালনাত নিহত ২ আৰক্ষী,আহত ৬আৰক্ষী কনিষ্টবল