Rhino Horn Recovered in Golaghat : ৰাজ্যত পুনৰ উদ্ধাৰ গড়ৰ হাড় আৰু খৰ্গ
নিউজ ডেস্ক, ২৭জানুৱাৰী : ৰাজ্যত পুনৰ গড় হত্য়া । ৰাজ্যত পুনৰ উদ্ধাৰ গড়ৰ হাড় আৰু খৰ্গ(Rhino Horn Recovered in Golaghat) ।
জানিব পৰা মতে, ২২ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে এটা মাইকী গঁড় হত্যা কৰি খৰ্গ নিয়াৰ সন্দেহ কৰিছিল। ৰাষ্ট্ৰীয় উদ্যানখনৰ আগোৰাতোলি বনাঞ্চলৰ মাকলুং বন শিবিৰৰ আশে-পাশে থকা অঞ্চলৰ পৰা গঁড়টোৰ মৃতদেহ উদ্ধাৰ হৈছিল(Poacher Arrested, Rhino Horn Recovered in Golaghat)।
গড়ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই আৰক্ষী আৰু বন বিভাগৰ বিষয়াসকলে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু এজন চোৰাং চিকাৰীৰ আটক কৰে । আৰক্ষীয়ে চোৰাং চিকাৰীৰ আটক কৰি তালাচী অভিযান চলাই ।
তালাচী অভিযানৰ সময়তে গোলাঘাটৰ বোকাখাত স্থানীয় মহুৰামুখৰ পৰা জগু পেগু নামৰ চোৰাং চিকাৰীটোৰ ঘৰৰ পৰা উদ্ধাৰ কৰে গড়ৰ হাড়, খৰ্গ।
ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্য়াহত ৰাখে আৰু অনুসন্ধানত অন্তত হৰেন কামন বুলি লোক এজনৰ ঘৰৰ পৰা এ কে ৪৭ ৰাইফল, মেগজিন আৰু চিকাৰৰ বাবে ব্যৱহাৰ কৰা অন্যান্য অস্ত্ৰ-শস্ত্ৰকে ধৰি গোলাবাৰুদ জব্দ কৰে(Poachers Involved In Assam Rhino’s Killing Arrested, Horn Recovered)।
ইফালে, ঘটনা সন্দৰ্ভত ডিজিপি জিপি সিঙে ‘এক্স’ৰ এক পোষ্টৰ জড়িয়তে গোলাঘাট আৰক্ষীৰ প্ৰশংসা কৰে।
লগতে পঢ়ক : Road Accident : ই-ৰিক্সাৰ পৰা পৰি মৃত্যু কণমানি ছাত্ৰীৰ