Rhino attack injures one in Mayang : পবিতৰাৰ পৰা ওলাই অহা গঁড়ৰ আক্ৰমণত আহত কৃষক

নিউজ ডেস্ক,১৬ডিচেম্বৰ : মায়ঙৰ ঝাৰগাঁও খাৰতলা বৰীৰ গঁড়ৰ আক্ৰমণত আহত এজন লোক। আহত কৃষক জনৰ নাম কৃষ্ণ দাস (৫২) বুলি জানিব পৰা গৈছে।
আহত কৃষ্ণ দাস ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে(Rhino attack injures one in Mayang )।
পবিতৰাৰ পৰা ওলাই অহা গঁড়ে আক্ৰমণ কৰিছিল লোকজনক।ঘৰৰ পৰা সামান্য দূৰৰ পথাৰত কাম কৰি থাকোতেই অকস্মাত তিনিটা গঁড়ৰ সন্মুখত পৰে কৃষ্ণ দাস । তেনেতে এটা গঁড়ে হঠাতে আক্ৰমণ কৰে দাসক।
লগতে পঢ়ক: Elephant menace in Lanka: লংকাত বন্যহস্তীৰ সন্ত্ৰাস;ভাঙি লণ্ড-ভণ্ড ১৫টাকৈ ঘৰ