WATCH | RHAC Election Counting Day : ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ ফলাফলত এন ডি এৰ প্ৰাৰ্থীৰ বৃহৎ জয়
বকো,৪এপ্ৰিল : RHACৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত। ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ ফলাফলত এন ডি এৰ প্ৰাৰ্থীৰ বৃহৎ জয়। সুমিত ৰাভা,অৰ্জুন চেত্ৰী,আদিত্য ৰাভাকে ধৰি কেইবাজনো দখল কৰিলে পৰিষদৰ আসন।
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ যোৱা ২ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ আজি ভোট গণনা সম্পন্ন হয়। এই ভোট গণনাৰ পিছত আনুষ্ঠানিক ভাৱে ফলাফলো ঘোষণা কৰে নিৰ্বাচন আয়োগে।
আজি ঘোষণা হোৱা ফলাফল অনুসৰি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২৭ নং বকো পৰিষদীয় সমষ্টিত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হয় জনপ্ৰিয় নেতা সুমিত ৰাভা, ২৬ নং জোঙাখুলী পৰিষদীয় সমষ্টিত জয়ী হয় জনপ্ৰিয় যুৱ নেতা অৰ্জুন চেত্ৰী আৰু ২৮ নং উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিত জয়ী হয় আদিত্য ৰাভা(RHAC Election Counting Day)।
লগতে পঢ়ক : WATCH | Waqf Amendment Bill: বহু বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতেই দেশৰ লগতে ৰাজ্যতো প্রতিবাদ