Local, Vocal, Global

WATCH | RHAC Election Counting Day : আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা

উত্তৰ গুৱাহাটী,৪এপ্ৰিল : আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা৷

পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হ’ল ভোটগণনা প্ৰক্ৰিয়া(Live : RHAC Election Counting Day)।

কামৰূপ জিলাৰ ১৪ টা সমষ্টিৰ ভোট গণনা কামৰূপ আমিনগাঁও আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ গণনা কক্ষত হৈছে।

১৪টা সুকীয়া কোঠাত ভোট গননা আৰম্ভ হৈছে ।

পুৱা ৮ বজাৰ পৰা আবেলি ৩ বজালৈ চলিব এই ভোট গণনা ।

এটা কোঠাত ৭খন টেবুল থাকিব ।

সৰ্বমুঠ ৯৮খন টেবুলত পুৱা পুৱা ৮ বজাৰ পৰা হৈছে ভোট গণনা ।

১৪টা সমষ্টিৰ ৪৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব ।

কামৰূপ জিলাৰ ১৬ পৰিষদীয় সমষ্টিৰ দুখন আসনত বিনা প্ৰতিদণ্ডিতাৰে দুগৰাকী বিজেপি দলৰ প্ৰাৰ্থী জয়ী হৈছে ।

লগতে পঢ়ক : WATCH | Bilasipara News : বিলাসীপাৰাত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদ দলত মোক্ষম আঘাত