Local, Vocal, Global

WATCH | RHAC Election 2025: ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ ৰেল্লিনা জে চাংমাই দখল কৰিলে পৰিষদৰ আসন

বকো,৪এপ্ৰিল : ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ ফলাফলত ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ ৰেল্লিনা জে চাংমাই দখল কৰিলে পৰিষদৰ আসন। চৌদিশে NDA-যৌথ মঞ্চৰ জয় জয়কাৰৰ মাজতে নিৰ্দলীয় প্ৰাৰ্থী ৰেল্লিনা জে চাংমাৰ জয়লাভ।

ঘোষণা হ’ল ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ যোৱা ২ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ আজি ভোট গণনা সম্পন্ন হয়। এই ভোট গণনাৰ পিছত আনুষ্ঠানিক ভাৱে ফলাফলো ঘোষণা কৰে নিৰ্বাচন আয়োগে(RHAC Election 2025)।

NDA তথা যৌথ মঞ্চৰ প্ৰাৰ্থীক হৰুৱাই বিজয়ৰ শেষ হাঁহি মাৰিলে নিৰ্দলীয় প্ৰাৰ্থী চাংমাই। বিগত সময়চোৱাত সমষ্টিবাসী জাতি জনগোষ্ঠীৰ বিভিন্ন উন্নয়ন মূলক কামৰ বাবে ৰাইজে আদৰি লৈছে বুলি মন্তব্য বিজয়ী প্ৰাৰ্থী গৰাকীৰ।

ইফালে প্ৰায় ১২০০ ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে প্ৰাৰ্থী গৰাকীয়ে । জয়লাভৰ পাছতে ৰাইজক ধন্যবাদ দি অনাগত দিনত লুকী সমষ্টি বাসীৰ ৰাইজৰ বিকাশৰ বাবে কাম কৰি যাম বুলি ক’লে ৰেলিন্না জে চাংমাই। প্ৰাৰ্থী গৰাকীৰ জয়লাভৰ সমৰ্থক, কৰ্মীৰ মাজত আনন্দ উল্লাস।

লগতে পঢ়ক : WATCH | Waqf Amendment Bill: দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা বহু মুছলমান বীৰৰ উদাহৰণ দি সদন কঁপালে কংগ্ৰেছ সাংসদ ইমৰাণ প্ৰতাপগড়ীয়ে