Local, Vocal, Global

Rezina begum converted to hindu : ৰঙিয়াৰ ৰেজিনা বেগমে ইছলাম ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম

নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : ৰেজিনা বেগমে কিয় গ্ৰহণ কৰিলে সনাতন ধৰ্ম? মুছলমান ধৰ্মত কি ভুল দেখিলে ৰেজিনা বেগমে ।

ৰেজিনা বেগমৰ পৰা কিয় অনন্যা দেউৰী হ’ল ?

ৰেজিনা বেগমে এগৰাকী উচ্চ শিক্ষিত যুৱতী। আভিযান্ত্ৰিকৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হৈছে ৰেজিয়া বেগম । হঠাত ৰেজিনা বেগমে কিয় হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ঠ হব লগা হল। মুছলমান ঘৰত জন্ম লাভ কৰা ৰেজিনা বেগমে স্ব ইচ্ছাই দিন্দু ধৰ্ম গ্ৰহন কৰিলে। জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰত সোমবাৰে শৰণ লৈ সনাতন ধৰ্ম গ্ৰহণ কৰা যুৱতীগৰাকীয়ে বহু দিনৰে পৰা সনাতনী সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈছিল।নগাঁও চহৰৰ আমোলাপট্টিস্থিত জখলাবন্ধা সত্ৰত সনাতন ধৰ্ম গ্ৰহণ কৰিলে ইছলাম ধৰ্মালম্বী যুৱতী ৰেজিনা বেগমে। ৰেজিনা বেগমৰ ঘৰ কামৰুপত ৰঙিয়াত।শেহতীয়াকৈ ৰেজিনাই হিন্দু ধৰ্ম গ্ৰহণৰ বাবে বিশ্ব হিন্দু পৰিষদৰ এগৰাকী নেতাৰ সৈতেও যোগাযোগ কৰিছিল(Rezina begum converted to hindu)।

এতিয়া প্ৰশ্ন হ’ল । ইছলাম ধৰ্মত কি ভুল দেখিলে ৰেজিনা বেগমে ?

ইছলাম ধৰ্মত থকা বহুবিবাহ । মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত থকা বৈষম্যক পছন্দ কৰা নাই ৰেজিনা বেগমে আৰু যাৰ বাবেই হিন্দু ধৰ্ম গ্ৰহণ কৰিব লগা হল বুলি মন্তব্য কৰে ৰেজিনা বেগমে। সেয়ে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণৰ বাবে আগ্ৰহী হৈ পৰিছিল ৰেজিনা।সোমবাৰে জখলাবন্ধা সত্ৰত আয়োজিত এক মাংগলিক অনুষ্ঠানত আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰে ৰেজিনাই। ৰেজিনাৰ মন ভৱিষ্যতে এগৰাকী জনগোষ্ঠীয় মহিলা হিচাপে জীয়াই থকাৰ। সেয়ে ৰেজিনাই নিজৰ নাম অনন্যা দেউৰীলৈ সলনি কৰে।সনাতন ধৰ্ম গ্ৰহণৰ বাবে পুৱাই ৰঙিয়াৰ পৰা আহি নগাঁৱত উপস্থিত হয় ৰেজিনা। ৰেজিনাই সনাতন ধৰ্ম গ্ৰহণৰ ক্ষেত্ৰত পৰিয়ালৰ কোনো আপত্তি নাই বুলিও জানিব পৰা গৈছে।

লগতে পঢ়ক : Salary hike for ministers and MLAs : শীঘ্ৰে বৃদ্ধি পাব মন্ত্ৰী-বিধায়কৰ দৰমহা !