Local, Vocal, Global

MP official swallows bribe money : এগৰাকী চৰকাৰী বিষয়াৰ আজব কাণ্ড, চোবাই চোবাই গিলিলে ৯ খন ৫০০ টকীয়া নোট

নেশ্যনেল ডেস্ক, ২৫ জুলাই : এজন ৰাজহ বিভাগৰ চৰকাৰী বিষয়াৰ আচৰিত কাণ্ডই সমগ্ৰ দেশত লাভ কৰিছে বিশেষ চৰ্চা (MP official swallows bribe money) । পুলিচক দেখি ৫ হাজাৰ টকা উৎকোচৰ ধন গিলিলে চৰকাৰী বিষয়া গৰাকীয়ে ।

এই আজৱ কাণ্ড সংঘটিত হৈছে মধ্য প্ৰদেশৰ ৰাজহ বিভাগৰ কাৰ্যালয়ত । মধ্য প্ৰদেশৰ কাটনীৰ ৰাজহ বিভাগৰ এজন চৰকাৰী বিষয়াই তেওঁৰ ব্যক্তিগত কাৰ্যালয়ত লোকাযুক্ত বিশেষ আৰক্ষী প্ৰতিষ্ঠানৰ (SPE)এটা দল দেখা পাই উৎকোচ হিচাপে লোৱা বিপুল পৰিমাণৰ ধন গিলি পেলায় (Revenue staffer swallows bribe money after spotting cops) ।

ঘটনা অনুসৰি সোমবাৰে পাটোৱাৰী গজেন্দ্ৰ সিঙ নামৰ ৰাজহ বিভাগৰ চৰকাৰী বিষয়া গৰাকীয়ে নিজৰ ব্যক্তিগত কাৰ্যালয়ত উৎকোচ হিচাপে ৫ হাজাৰ টকা লাভ কৰিছিল(MP official swallows bribe money)। সেই উৎকোচৰ ধন লোৱাৰ সময়তে আৰক্ষীৰ দলটো আহি উপস্থিত হয় আৰু আৰক্ষীক দেখি বিষয়া গৰাকীয়ে ৫০০ চকীয়া নোক কেইখন চোবাবলৈ আৰম্ভ কৰে(Revenue staffer swallows bribe money after spotting cops) ।

উল্লেখ্য বৰখেদা গাঁৱৰ চন্দন সিং লোধী নামৰ ব্যক্তি গৰাকীয়ে লোকায়ুক্ত বিভাগক চৰকাৰী বিষয়াজনৰ বিৰুদ্ধে উৎকোচ বিচৰা বুলি অভিযোগ কৰিছিল । অভিযোগৰ ভিত্তিত লোকায়ুক্ত জবলপুৰৰ দলটোৱে গজেন্দ্ৰ সিঙক বিলহাৰীৰ ব্যক্তিগত কাৰ্যালয়ত উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় । টকাখিনি পোৱাৰ পিছতে পাটোৱাৰীয়ে এছ পি ইৰ দলটোক দেখা পাই প্ৰমাণ লুকুৱাবলৈ উৎকোচৰ ধনখিনি গিলিবলৈ চেষ্টা কৰে । টকাখিনি চোবাই থকা অৱস্থাতে উপস্থিত হয় আৰক্ষী আৰু তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক সুস্থ থকা বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে, সম্পত্তিৰ বিবাদ সমাধানৰ বাবে বৰখেদা গাঁৱৰ লোকজনৰ পৰা ধন দাবী কৰিছিল বুলি জানিব পৰা গৈছে । তদন্তৰ অন্তত লোকায়ুক্ত জবলপুৰৰ দলে গজেন্দ্ৰ সিঙক বিলহাৰীৰ ব্যক্তিগত কাৰ্যালয়ত উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে চৰকাৰী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু অধিক তদন্ত চলি থকা বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।

লগতে পঢ়ক : Cattle thief beaten to death: মৰিগাঁৱত গৰু চোৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ