Local, Vocal, Global

Retired head of department of physics of cotton college Dr Dilip Sharma passes away :কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ দিলীপ শৰ্মাৰ দেহাৱসান

নিউজ ডেস্ক,২৫জুলাই : অসমৰ কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ দিলীপ শৰ্মাৰ দেহাৱসান। আজি দিনৰ ১১.১০ বজাত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ড০ দিলীপ শৰ্মাই( Retired head of department of physics of cotton college dr dilip sharma passes away)।

জানিব পৰা মতে, হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিশিষ্ট পদাৰ্থ বিজ্ঞানীগৰাকী।

গুৱাহাটীৰ কুমাৰপাৰা নিবাসী ড০ শৰ্মা আজীৱন বিজ্ঞান জনপ্ৰিয়কৰণৰ কামত ব্ৰতী আছিল। তেওঁ অসম বিজ্ঞান সমিতি, ছাত্ৰ বিজ্ঞান সমিতি আদি বিভিন্ন বিজ্ঞান সংগঠনৰ লগত জড়িত থকাৰ উপৰি মৃত্যুৰ সময়লৈকে কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক : Satra Mukti Sangram Samitis Protest in Dhubri: ধুবুৰীত জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ