Retired Assam Police DIG’s Bank Account Emptied in Fraud : এইবাৰ দিছপুৰ আৰক্ষীৰ জালত বেংক বিষয়া;অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ বেংক বিষয়া
নিউজ ডেস্ক,১৪জুলাই : এইবাৰ দিছপুৰ আৰক্ষীৰ জালত বেংক বিষয়া। জালিয়াতিৰে ধন আত্মসাৎ কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীৰ জালত পৰিল প্ৰাক্তন বেংক বিষয়া ।
ভাৰতীয় ষ্টেট বেংকৰ দিছপুৰ শাখাৰ এগৰাকী উপ-প্ৰবন্ধকক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ ৷ গ্ৰেপ্তাৰ কৰা বেংক বিষয়াজন হ’ল গুলেনুৰ হুছেইন বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, এগৰাকী অৱসৰপ্রাপ্ত আৰক্ষী বিষয়াৰ বেংক একাউণ্টাৰ পৰা বেংক বিষয়া গুলেনুৰ হুছেইনে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি ভৱধৰ দত্ত নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত ডি আই জিৰ বেংক একাউণ্টৰ পৰা গুলেনুৰ হুছেইনে ২৬ লাখ টকা জালিয়াতিৰে আন একাউন্টলৈ ‘ট্ৰেন্সফাৰ’ কৰিছিল । ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ১৯জুনত দিছপুৰ থানাত গোচৰ ৰুজু কৰে।
উক্ত গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাই মহানগৰীৰ সাতগাঁৱৰ ছাইন হেভেন এপার্টমেন্টৰ নিজা ফ্লেটৰ পৰা শনিবাৰে সন্ধিয়া গুলেনুৰ হুছেইনক গ্ৰেপ্তাৰ কৰে । । জানিব পৰা মতে,বৰবাৰীৰ SBI শাখাৰ পৰিচালক আছিল গুলেনুৰ হুছেইন। বৰ্তমান হুছেইন দিছপুৰ SCAB শাখাৰ উপ প্রৱন্ধক হিচাপে কৰ্মৰত(Retired Assam Police DIG’s Bank Account Emptied in Fraud)।
ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, ভুক্তভোগীৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নম্বৰ সলনি কৰিছিল অভিযুক্ত হুছেইনে। ইয়াৰোপৰি ভুক্তভোগীৰ অজ্ঞাতেই পঞ্জীয়ন কৰা হৈছিল নতুন ফোন নম্বৰ।ফোন নম্বৰটো সলনি কৰাৰ ফলত প্ৰাক্তন ডি আই জিগৰাকীৰ বেংক একাউণ্টৰ পৰা টকা ‘টেন্সফাৰ’ কৰা সন্দৰ্ভত দত্তই কোনো বার্তা ম’বাইল ফোনত লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ অভিযুক্ত বেংক বিষয়াজনে ত্ৰিদীপ কলিতা নামৰ যুৱক এজনৰ সহায়ত ছয়গাঁৱৰ পৰা জিঅ’ নেটৱৰ্কৰ ছিম কাৰ্ড এখন সংগ্ৰহ কৰিছিল । সমগ্ৰ কাণ্ড তদন্তৰ জৰিয়তে পোহৰলৈ অহাৰ পিচত আৰক্ষীয়ে ত্ৰিদীপ কলিতাকো আটক কৰিছে ।
উল্লেখ্য যে, ত্রিদিপ কলিতা নামৰ এজন যুৱকৰ নামত আছিল ছিমকাৰ্ডখন। ত্রিদিপ কলিতাক জেৰা চলোৱাৰ পিছতেই সমগ্র তথ্য পোহৰলৈ আহে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখি সমগ্ৰ ঘটনাটো পোহৰলৈ আনিবলৈ সক্ষম হৈছে (Retired Assam Police DIG bank account plundered in fraud)৷