Local, Vocal, Global

Residents Reach Breaking Point Over Dumping Rush : গোৰেশ্বৰত ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ স্থানীয় ৰাইজ

নিউজ ডেস্ক,২০মে’ : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Residents Reach Breaking Point Over Dumping Rush )।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Residents Reach Breaking Point Over Dumping Rush in Goreswar ) ।

গোৰেশ্বৰত ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ স্থানীয় ৰাইজ । প্ৰশাসনৰ নিয়ম উলংঘাকাৰী ডাম্পাৰ ধৰি আৰক্ষীক গতালে গোৰেশ্বৰৰ ৰাইজে ।AS-01-JC-8834 নম্বৰৰ ডাম্পাৰখন ধৰি আৰক্ষীক গতালে গোৰেশ্বৰৰ ৰাইজে ।

উল্লেখ্য যে, বিদ্যাৰ্থী বিদ্যালয়লৈ যোৱাৰ সময়ত পুৱা ৭ বজাৰ পৰা ১০ বজালৈ ডম্পাৰৰ লগতে গধুৰ যান-বাহন চলাচলত বাধা আৰোপ কৰিছিল তামুলপুৰ জিলা প্ৰশাসনে।

কিন্তু প্ৰশাসনৰ এই নিয়ম অমান্য কৰি একাংশ ডম্পাৰ চালকে পুৱাৰ ভাগত যান-যঁ‌টৰ সৃষ্টি কৰি ডাম্পাৰ চলাচল কৰোৱাক লৈ ক্ষোভিত হৈ পৰে গোৰেশ্বৰবাসী। উল্ল্যেখ্য যে পূৰ্বেও গোৰেশ্বৰৰ ৰাইজে পুৱাৰ ভাগত চলা কেইবাখনো ডাম্পাৰ ধৰি গতাইছিল আৰক্ষীক।

প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা আৰু ৰাইজৰ বাধাৰ পিছতো কাৰ ছত্ৰ-ছায়াত এই ডাম্পাৰ সমূহে দৌৰাত্মৰ সৃষ্টি কৰি আহিছে তাকে লৈ চিন্তিত হৈ পৰিছে সচেতন ৰইজ।

লগতে পঢ়ক : Elderly Man Found Hanging from Tree : চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ বৃদ্ধৰ মৃতদেহ