Balisapori PS OC Reserve Closed : মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শকৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ
![](https://mynewsne.com/wp-content/uploads/2023/06/nfgdxfhgkjldfjhdkh-1-750x430.jpg)
নিউজ ডেস্ক, ১৪ জুন : মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে (Majuli ps) । ধন দাবীৰ অভিযোগ উত্থাপন হৈছে উপ-পৰিদৰ্শক গৰাকীৰ বিৰুদ্ধে । এই অভিযোগৰ পিছতেই মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিক ৰিজাৰ্ভ ক্ল’জ কৰা হয় ।
কলংকৰ দাগ লাগিছে অসম আৰক্ষীৰ ৷ জনসেৱাৰ্থে নিয়োজিত হৈ থকা অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰায়ে বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাৰ খবৰে দখল কৰি আহিছে সংবাদ মাধ্যমৰ শিৰোনাম । একাংশ আৰক্ষী বিষয়া তথা আৰক্ষী জোৱানৰ আচৰণ-ব্যৱহাৰৰ বাবে অসম আৰক্ষীৰ খাকী পোছাকত দাগ লগা পৰিলক্ষিত হৈছে । ধন দাবী, নকল সোণকে ধৰি বৰ্তমান বিভিন্ন অভিযোগত নাম সাঙোৰ খোৱা পৰিলক্ষিত হৈছে অসম আৰক্ষীৰ ৷
উল্লেখ্য যে নামনি মাজুলীৰ বাঘৰগাঁওত গৰু চোৰৰ সন্দেহত মেৰুৱাবাৰীৰ দীব্যজ্যোতি নাথ নামৰ এজন যুৱকক একাংশ লোকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল । যুৱকজনক মুমূর্ষ অৱস্থাত উদ্ধাৰ কৰিছিল বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিয়ে। ইয়াৰ পাছতেই যুৱকজনক বালিচাপৰি আৰক্ষী চকীলৈ লৈ আনে বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিয়ে । যুৱকজনক আৰক্ষী চকীলৈ উদ্ধাৰ কৰি অনাৰ পাছত তেওঁক মুকলি কৰি দিয়াৰ বাবদ মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিয়ে যুৱকজনৰ পিতৃৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
দীব্যজ্যোতিৰ পৰিয়ালে উপ পৰিদৰ্শকগৰাকীয়ে ২৫০০ টকা লোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে উপ পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে । ইয়াৰ পিছতেই উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিৰ বিৰুদ্ধে সৰৱ হৈ দীব্যজ্যোতিৰ পৰিয়ালে এক গোচৰ ৰুজু কৰে। এই গোচৰৰ পিছতেই মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিক ৰিজাৰ্ভ ক্ল’জ কৰা হয় ৷ আনহাতে বালিচাপৰি আৰক্ষী চকীত নতুন উপ পৰিদৰ্শক হিচাপে অৱনী গগৈকক দায়িত্ব প্ৰদান কৰা হয় ।
দীব্যজ্যোতি নাথৰ পিতৃ আনন্দ নাথৰ লিখিত অভিযোগৰ ভিত্তিত ৩৯/২০২৩ ত এক গোচৰ ৰুজু কৰা হয় । ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৭,১৪৮,১৪৯, ৩৪১, ৩৪২, ৩২৪, ৩২৫, ৩৮৭, ৫০৬ নং ধাৰাত ৰুজু কৰা হৈছে গোচৰ।