Local, Vocal, Global

Rescue operation disrupted due to inclement weather in Patkai Hills : ভূ-গৰ্ভস্থ হোৱা তিনি শ্ৰমিকৰ সন্ধানত অভিযান অব্যাহত উদ্ধাৰকাৰী দলৰ

নিউজ ডেস্ক,২৭মে’ : ৰেট হল মাইনিঙত অঘটন। পুনৰ মৃত্যুৰ কিৰীলি মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত । দেওবাৰে পুৱাৰে পৰা ভূ-গৰ্ভস্থ হোৱা তিনি শ্ৰমিকৰ সন্ধানত বৰ্তমানেও অভিযান চলায় উদ্ধাৰকাৰী দলে ৷ কিন্তু প্ৰতিকূল বতৰৰ বাবে তেওঁলোকৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । অভিযানকাৰী দলে প্ৰায় ২০ ফুট পৰ্যন্ত গভীৰতালৈ খনন কৰে যদিও পাহাৰত হোৱা প্ৰবল বৰষুণৰ বাবে উদ্ধাৰ অভিযানকাৰী দলটোৱে বিমুখ হৈ উভতি আহে ৷

অভিযানকাৰী দলৰ তথ্য অনুসৰি, তিনিগৰাকী শ্ৰমিক প্ৰায় ২৪ ফুট গভীৰতাত আৱদ্ধ হৈ আছে ৷ শ্ৰমিকৰ দলটোৱে ইতিমধ্যে ২০ ফুট গভীৰতালৈকে সফলভাৱে খনন কৰিছিল ৷ পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ এটা বিশেষ দলৰ সৈতে উদ্ধাৰ অভিযান চলাবলৈ যোগাযোগ কৰা বুলি জানিব পৰা গৈছে(Rescue operation disrupted due to inclement weather in Patkai Hills) ৷

ঘটনা অনুসৰি, লিডুৰ টিকক কলিয়ৰীৰ অন্তৰ্গত বৰগোলাই-নামদাঙৰ মাজত থকা টিকক ৱেষ্ট মাইনিঙত অবৈধভাৱে গঢ়ি তোলা এটা আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙত কয়লা খনন কৰিবলৈ গৈছিল চাৰি শ্ৰমিক । ইয়াৰে তিনিজনে ভিতৰত কয়লা খনন কৰি আছিল আৰু এজনে বাহিৰত থাকি সৰবৰাহ কৰি আছিল । তেনে সময়তে ভূমিস্খলন হৈ মাইনিঙৰ পথটো বন্ধ হৈ পৰে । ফলত তাতে তিনিজন শ্ৰমিক আৱদ্ধ হৈ মৃত্যু মুখত পৰা বুলি আশংকা কৰা হৈছে ।এজন নেপালৰ ভূজপুৰৰ দাৱা চেৰপা আৰু আন দুজন মেঘালয়ৰ বুলি জানিব পৰা গৈছে । মেঘালয়ৰ দুজনৰ নাম জন আৰু ফিনাল বুলি গম পোৱা গৈছে ।

এই খবৰ বিয়পি পৰাৰ পাচতে পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষী আৰু উত্তৰ পূব কয়লা ক্ষেত্ৰৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ তিনি শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান চলায় ৷ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।
লগতে পঢ়ক : Dead Body Recovered In Panikhaiti : ব্ৰহ্মপুত্ৰৰ নিখোজ হোৱা ২ যুৱকৰ এজনৰ মৃতদেহ উদ্ধাৰ