Local, Vocal, Global

Republic Day 2025: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰঙিয়াত চাফাই অভিযান

ৰঙিয়া,২৫জানুৱাৰী : গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰঙিয়াত চাফাই অভিযান ।

ৰঙিয়া আৰক্ষী থানাৰ উদ্যোগত আৰু ৰঙিয়া সমজিলা প্ৰশাসন তথা ৰঙিয়া পৌৰসভাৰ সহযোগত ৰূপায়ণ কৰা হয় উক্ত কাৰ্যসূচী।

কাৰ্যসূচীত হাতে হাতে ঝাৰু লৈ ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতা,সম জিলা আয়ুক্ত দেৱাশীস গোস্বামী, ৰঙিয়া মহকুমা আৰক্ষী বিষয়া বিশ্বজিৎ ডেকা, ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজ্যোতি নাথ, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ প্ৰমুখ্যে বহু লোকে অংশগ্ৰহণ কৰে। পৌৰ সভাৰ সন্মুখৰ পৰা১নং পুলিচ পইন্ট, এনটি ৰোডত চাফাই অভিযান চলোৱা হয়(Republic Day 2025)।

লগতে পঢ়ক :Assam Tea Workers Union: চাহ কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ সুবিধা কৰ্তনৰ বিৰুদ্ধে গৰজি উঠি অসম চাহ কৰ্মচাৰী সংঘ