Republic Day 2025:গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত বীৰত্বৰ বঁটা ঘোষণা

নিউজ ডেস্ক,২৫জানুৱাৰী : গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত বীৰত্বৰ বঁটা ঘোষণা।
দেশৰ ৯৪২ গৰাকী আৰক্ষী জোৱানলৈ ৰাষ্ট্ৰপতি বঁটা(Republic Day 2025)।
৯৫গৰাকী জোৱানলৈ ৰাষ্ট্ৰপতি বীৰত্ব বঁটা।
১০১ গৰাকী ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা বঁটা।
৭৪৬ গৰাকী জোৱানলৈ উৎকৃষ্ট সেৱা বঁটা।
অসম আৰক্ষীৰ ১৪ গৰাকী বিষয়া-জোৱানলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱা পদক।
অসম আৰক্ষীৰ DIG ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক।
IGP ৰফিউল আলম লস্কৰলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱা পদক।
প্লাটুন কমাণ্ডাৰ প্ৰশান্ত হাতীবৰুৱালৈ পদক। DSP উপেন কলিতা, SI খগেন্দ্ৰ ৰয়লৈ সেৱা পদক আৰু SI চিত্ৰমোহন ৰাভালৈ উৎকৃষ্ট সেৱা পদক।
ASI হেমেন ভূঞা, পৰিদৰ্শক বলোৰাম চাউদাঙলৈ সেৱা পদক, হাবিলদাৰ হেৰম্ব নাথ, SI বিবেকানন্দ শৰ্মালৈ পদক আৰু ASI বিষ্ণুপ্ৰসাদ চেত্ৰীলৈ উৎকৃষ্ট সেৱা পদক ঘোষণা।
হেড কনিষ্টবল দীপক কাকতিলৈ উৎকৃষ্ট সেৱা পদক, হেড কনিষ্টবল চাংকু চৌধুৰীলৈ উৎকৃষ্ট সেৱা পদক ঘোষণা, নায়ক বাবধন ৰাজবংশী আৰু কনিষ্টবল গজেন মৰাণলৈ আগবঢ়োৱা হৈছে পদক।