Republic Day 2025: ধেমাজিত আনুষ্ঠানিক ভাৱে পতাকা উত্তোলন কৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে

ধেমাজি,২৬জানুৱাৰী : ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়।
ধেমাজিত আনুষ্ঠানিক ভাৱে পতাকা উত্তোলন কৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে ৷
ইফালে জোনাইত জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন কৰা হয়(Republic Day 2025)।
জোনাই সম জিলা আয়ুক্ত আনন্দ মালহোত্ৰাই পতাকা উত্তোলন কৰে।
উক্ত অনুষ্ঠানত সাংস্কৃতিক সাহিত্যিকৰ লগতে ধেমাজি জিলালৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈক লগতে বিভিন্ন বিভাগৰ লোকক সম্বৰ্ধনা জনোৱা হয়।
আজিৰ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা,জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ লগতে জিলা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল, জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।
ইফালে জোনাইত জোনাই বিধায়ক ভূৱন পেগু লগতে বিভিন্ন বিভাগৰ বিষয়া সকল, জাতীয় সংগঠনৰ বিষয় ববিয়া , অঞ্চল টোৰ একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।
লগতে পঢ়ক:Republic Day 2025 : নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী অশোক সিংহালে