Local, Vocal, Global

Republic Day 2025 :মঙলদৈত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী ৰঞ্জিত দাসে

নিউজ ডেস্ক,২৬জানুৱাৰী : দেশজুৰি উদযাপন ৭৬সংখ্যক গণৰাজ্য দিৱস৷ দেশৰ লগতে ৰাজ্যজুৰি উদযাপন ৭৬ সংখ্যক গণৰাজ্য দিৱস।

মঙলদৈত দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস স্থানীয় কছাৰী মইদানত চৰকাৰী ভাৱে উদযাপন কৰা হয়। এই কাৰ্যসুচীত ৰাজ্য খনৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে পতাকা উত্তোলন কৰি ৰাইজক সম্বোধন কৰে(Republic Day 2025)।

পতাকা উত্তোলন আগ মুৰ্হুতত মন্ত্ৰী গৰাকীয়ে জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সন্মুখত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি আৰু গোপীনাথ বৰদলৈ উদ্যানত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্ত্তিত মাল্য প্ৰদান কৰে।মন্ত্ৰী গৰাকীয়ে পতাকা উত্তোলন পিছত অসম আৰক্ষী, গৃহ ৰক্ষী জোৱান,এন চি চিৰ অভিবাদন গ্ৰহণ কৰে। মন্ত্ৰী গৰাকীয়ে দৰঙী লোক সংস্কৃতিৰ লোক নৃত্য, ক’লা সংস্কৃতি উপভোগ কৰে।

লগতে পঢ়ক :Republic Day 2025 : দেৰগাঁৱত ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন