Local, Vocal, Global

Republic Day 2025 : উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেল পথাৰত পতাকা উৰুৱালে কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে

উত্তৰ গুৱাহাটী,২৬জানুৱাৰী : দেশজুৰি উদযাপন ৭৬সংখ্যক গণৰাজ্য দিৱস৷

দেশৰ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ জিলাটো দেশৰ ৭৬তম গণৰাজ্য দিৱস উদযাপন । কামৰূপ জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাবে উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেল পথাৰত আয়োজন কৰে গণৰাজ্য দিৱস । কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আৰক্ষী ,অৰ্ধসামৰিক বাহিনী,ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন বিদ্যালয় – মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহন কৰে(Republic Day 2025)।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে দেশৰ গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । মন্ত্ৰী গৰাকীয়ে ভাষণত ৰাজ্যচৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে।

লগতে পঢ়ক :Republic Day 2025 : বাক্সাত বাক্সা বিজেপিৰ সভাপতি দীনেশ বসুৱে উত্তোলন কৰিলে পতাকা