Local, Vocal, Global

Republic Day 2025 : ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু ডিব্ৰুগড়বাসী

নিউজ ডেস্ক, ২৬জানুৱাৰী : আজি ২৬ জানুৱাৰী, গণৰাজ্য দিৱস । সমগ্ৰ দেশতে আজি উদযাপন কৰা হ’ব ৭৬ সংখ্যক গণৰাজ্য দিৱস । ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজপথত আজি মূল অনুষ্ঠান আয়োজন কৰা হৈছে (Republic Day 2025)।

সমগ্ৰ দেশৰ লগতে আজি অসমতো ৰাজ্যজুৰি উদযাপন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস।মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্য়ালয় খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস পালন কৰা হ’ব।খানাপাৰাত পতাকা উৰুৱাব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। প্ৰদৰ্শন কৰা হ’ব বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু ডিব্ৰুগড়বাসী। ডিব্ৰুগড়ত পতাকা উৰুৱাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক :Republic Day 2025 : আজি গণৰাজ্য দিৱস; সমগ্ৰ দেশতে আজি উদযাপন কৰা হ’ব ৭৬ সংখ্যক গণৰাজ্য দিৱস