Local, Vocal, Global

Watch | Remembering the songwriter Parbatiprasad Baruwa in Sonari: সোণাৰিত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাক স্মৰণ

সোণাৰি: অসমৰ সাহিত্য সংস্কৃতি জগতত গীতিকবি নামেৰে পৰিচিত পাৰ্বতিপ্ৰসাদ বৰুৱাৰ ৬১ সংখ্যক স্মৃতি দিৱসটি আজি একাধিক সংগঠনৰ উদ্যোগত সোণাৰিত উদযাপন কৰা হৈছে।

চৰাইদেউ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সোণাৰি শাখা সাহিত্য সভাৰ সহযোগত আজি পুৱা গীতিকবি গৰাকীৰৰ সোণাৰি বৰুৱা আলি স্থিত সমাধি ক্ষেত্ৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ ৰঘুনাথ কাগয়ুং, জিলা সাহিত্য সভাৰ উপদেষ্টা ৰঞ্জিত বুঢ়াগোহাঁই, শাখা সাহিত্য সভাৰ সভাপতি পাপৰি গগৈ বুঢ়াগোহাঁই আদিয়ে এই কার্যসূচীত অংশগ্ৰহণ কৰি গীতিকবি গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।