গীত-মাত, সুৰেৰে ওপজা দিনত ৰাজ্যজুৰি ৰাণাদাক স্মৰণ

নিউজ ডেস্ক : আজি ২০ ছেপ্তেম্বৰ। ‘মোৰ মিনতি..’, ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ , ‘সোণাৰ বৰণ পাখীৰে তোৰ ‘, ‘জীৱনটো যদি অভিনয় হয়’ আদিকে ধৰি কেইবা সংখ্যক চিৰসেউজ গীতেৰে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ যোৱা কণ্ঠশিল্পী, সুৰকাৰ জয়ন্ত হাজৰিকাৰ ৮০ সংখ্যক ওপজা দিন।
তেওঁক স্মৰণ কৰি মঙলবাৰে অসমৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাতিপুৱা ভাগত গুৱাহাটীৰ চানমাৰিত থকা জয়ন্ত হাজৰিকা উদ্যানতো শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
‘ৰাণা দা’ নামেৰে জনাজাত জয়ন্ত হাজৰিকা আছিল কিংবদন্তি ভাৰতীয় সংগীতজ্ঞ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ।
ভূপেন হাজৰিকাৰ সৈতে আৰু সহযোগিতা কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল হাজৰিকাই।
এক মানৱ দৰদী সত্ত্বা আছিল জয়ন্ত হাজৰিকা। ৰাণা দাই অসমৰ বানপীড়িত লোকক সাহায্য দিবলৈ ১৯৭৭ চনত গোলাঘাটৰ ৰাইজৰ সৈতে সহযোগিতা কৰি ‘সুৰ-বাহিনী’ নামে এটা অনুষ্ঠান গঠন কৰিছিল। বাটে-পথে গীত পৰিৱেশন কৰি বানপীড়িতসকলৰ বাবে ধন সংগ্ৰহ কৰিছিল ৰাণা দাই।
১৯৭৭ চনৰ ১৫ অক্টোবৰত মাত্ৰ ৩৪ বছৰ বয়সতে মৃত্যু হৈছিল ৰাণা দাৰ। তেওঁৰ মৃত্যুৰ পিছত এতিয়া তেওঁৰ স্মৃতি সজীৱ কৰি ‘সুৰবাহিনী’ক জীয়াই ৰাখি সাংগীতিক যাত্ৰা অব্যাহত ৰাখিছে তেওঁৰ সহধৰ্মিণী মনীষা হাজৰিকা আৰু পুত্ৰ ময়ুখ হাজৰিকাই।