প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ, অভয়াপুৰী বিধানসভা সমষ্টিত বৃক্ষ ৰোপণ
ওপজা দিনটোত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক আজি ৰাজ্যজুৰি স্মৰণ কৰে দল-সংগঠনে৷ আজি বঙাইগাঁও জিলাৰ ৩৪নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ তৰুণ গগৈৰ জন্ম বাৰ্ষিকী উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা দেখা যায়৷ বিভিন্ন শিক্ষানুষ্ঠানত অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি এন.এছ.ইউ.আই উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ গছপুলি ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে ৩৪নং উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ NSUI ৰ সভাপতি মিজাজুল হক৷