Local, Vocal, Global

Remedies To Relieve Constipation : কোষ্ঠকাঠিন্যৰ পৰা উপশম পাবলৈ গ্ৰহণ কৰক এইসমূহ খাদ্য

আপোনাৰ বাৰু কোষ্ঠকাঠিন্যৰ সমস্য়া আছে নেকি ? আজি কালি প্ৰায় মানুহৰ কোষ্ঠকাঠিন্যৰ সমস্য়া হোৱা দেখা যায় । দৈনিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে আমি এই সমস্যাৰ সন্মুখীন হও(Fast Constipation Relief) ।

ৰাতিপুৱা পেটটো ভালদৰে চাফা নোহোৱাৰ বাবে পুৱা সাৰ পোৱাৰ ঠিক পিছতেই কোষ্ঠকাঠিন্যৰ সমস্যা আৰম্ভ হয় ৷ যেতিয়া পেটত অশান্তিৰ সৃষ্টি হয় তেতিয়া দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাটো কঠিন হৈ পৰে ৷ যদি আপুনিও এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে আপোনাৰ জীৱনশৈলী সলনি কৰিব লাগিব আৰু লগতে খাদ্য-পানীয়ৰ অভ্যাসো সলনি কৰিব লাগিব(Remedies To Relieve Constipation) ৷

বৰ্তমান সময়ত আমাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসত বহু পৰিৱৰ্তন হৈছে ৷ সময়মতে খাদ্য নোখোৱা আৰু তেলীয়া খাদ্য সেৱনৰ অভ্যাসে পেটৰ সমস্যা বৃদ্ধি কৰিছে ৷ যদি আপুনি কিবা ভুল খাদ্য খাই আছে আৰু দৈনন্দিন খাদ্যত ফাইবাৰ ভিত্তিক খাদ্য অন্তৰ্ভুক্ত নকৰে তেন্তে কোষ্ঠকাঠিন্য অনিবাৰ্য ৷ ইয়াৰ বাবে আপুনি নিজেই দায়ী ৷ কোষ্ঠকাঠিন্যৰ পৰা মুক্তি পাবলৈ আমি কোনবোৰ খাদ্য গ্ৰহণ কৰিব লাগে জানো আহক-

এইবোৰ বস্তুৰ সহায়ত আপুনি কোষ্ঠকাঠিন্য পৰা আৰোগ্য হ’ব…..

ডিমৰু
ডিমৰুক যাদুকৰী ফল । যিয়ে আমাক কোষ্ঠকাঠিন্যৰ পৰা তৎক্ষণাত সকাহ দিয়ে ৷ যদি আপুনি উত্তম ফলাফল বিচাৰে তেন্তে ডিমৰু গৰম পানীত তিয়াই খাব ৷ যিহেতু ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, গতিকে ই পাচনতন্ত্ৰক ভালকৈ ৰাখে ৷

মুলেঠী
মুলেঠীক আয়ুৰ্বেদৰ ধন বুলি কোৱা হয় ৷ এচামুচ মুলেঠীৰ গুড়িত আধা চামুচ গুড় মিহলাই একাপ গৰম পানীত মিহলাই খাব ৷ এই বনৌষধিবিধে কোষ্ঠকাঠিন্যক এক উৎকৃষ্টভাৱে আক্ৰমণ কৰে ৷

দালিয়া
দালিয়া আঁহেৰে সমৃদ্ধ এক উৎস, ইয়াত বহুতো গুৰুত্বপূৰ্ণ ভিটামিন পোৱা যায়, যাৰ সহায়ত কোষ্ঠকাঠিন্য ভাল হয় ৷ এইখিনি খালে পেটটো লঘু হৈ থাকে আৰু হজম শক্তিও উন্নত হয় ৷

গাখীৰ আৰু ঘিউ
সাধাৰণতে মানুহে নাজানে যে গাখীৰ আৰু ঘিউৰ সহায়ত কোষ্ঠকাঠিন্যক নিৰাময় কৰিব পাৰি ৷ ইয়াৰ বাবে একাপ গৰম গাখীৰত ২ চামুচ ঘিউ দি নিশা শুবলৈ যোৱাৰ পূৰ্বে এই গাখীৰ সেৱন কৰিব পাৰে ৷

পানী
যদি আপুনি কোষ্ঠকাঠিন্যৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে নিয়মিতভাৱে পানী খোৱাটো গুৰুত্বপূৰ্ণ ৷ কোষ্ঠকাঠিন্যৰ অন্যতম সাধাৰণ কাৰণ হৈছে ডিহাইড্ৰেচন বা শৰীৰত পানীৰ অভাৱ হোৱা, ইয়াৰ পৰা হাত সাৰিবলৈ আপোনাৰ শৰীৰত পানীৰ পৰিমাণ কমি যোৱাটো গুৰুত্বপূৰ্ণ ৷

লগতে পঢ়ক : Home Remedies For Upset Stomach : আপুনি বাৰু সঘনাই পেট বেয়া হয় নেকি? এইসমূহ ঘৰুৱা প্ৰতিকাৰৰ সহায় লৈ দূৰ কৰক পেটৰ সমস্যা