Local, Vocal, Global

Reliance Industries Chairman Mukesh Ambani receives death threat : মুকেশ আম্বানীলৈ মৃত্যুৰ ভাবুকি, ই-মেইল যোগে ভাবুকি মুকেশ আম্বানীলৈ

নেশ্যনেল ডেস্ক ,২৮অক্টোবৰ : মুকেশ আম্বানীলৈ মৃত্যুৰ ভাবুকি, ই-মেইল যোগে ভাবুকি মুকেশ আম্বানীলৈ ।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীলৈ ই-মেইলযোগে মৃত্যুৰ ভাবুকি । ই-মেইলযোগে মুকেশ আম্বানীলৈ ২০ কোটি টকা দাবী কৰিলে কোনো দুৰ্বৃত্তই । ২০ কোটি টকা দিব নোৱাৰিলে হত্যা কৰাৰ ভাবুকি দিয়ে । নিজকে দেশৰ দুৰ্ধৰ্ষ শ্বুটাৰ আখ্যা অচিনাক্ত ব্যক্তিৰ । এই ভাবুকিৰ পিছতে মুম্বাই আৰক্ষীত গোচৰ ৰুজু ভাৰতীয় দণ্ডবিদি আইনৰ ৩৮৭/৫০৪(২) ধাৰাত গোচৰ ৰুজু কৰে(Mukesh Ambani receives death threat, email demands ₹20 crore) ।

এই ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীৰ কয় যে , ভাবুকি দিয়া ই-মেইলত লিখা আছিল যে “আপুনি যদি আমাক ২০ কোটি টকা নিদিয়ে তেন্তে আমি আপোনাক হত্যা কৰিম, আমাৰ ওচৰত ভাৰতৰ শ্ৰেষ্ঠ শ্বুটাৰ আছে(Reliance Industries Chairman Mukesh Ambani receives death threat)।”

ই- মেইলটো লাভ কৰাৰ পিছত মুকেশ আম্বানীৰ নিৰাপত্তাৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ অভিযোগৰ ভিত্তিত মুম্বাইৰ গামদেৱী আৰক্ষীয়ে আই পি চিৰ ৩৮৭ আৰু ৫০৬ (২) ধাৰাত এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে(Reliance chairman Mukesh Ambani receives death threat via mail)।

লগতে পঢ়ক :Jiten Saikia passes away : গোলাঘাট জিলাৰ চিনাতলীৰ বিশিষ্ট ব্যক্তি জিতেন শইকীয়াৰ মৃত্যু