Local, Vocal, Global

Rekha’s birthday: আজি অভিনেত্ৰী ৰেখাৰ জন্মদিন

এণ্টাৰটেনমেণ্ট ডেস্ক,১০অক্টোবৰ : আজি বলিউডৰ মোহময়ী অভিনেত্ৰী ৰেখাৰ জন্মদিন। ভানুৰেখা গণেশন হিচাপে জন্মগ্ৰহণ কৰা কিংবদন্তী অভিনেত্ৰীগৰাকীৰ আজি ওপজা দিন ৷ অভিনয়ৰ লগতে সৌন্দৰ্যৰে বলীউডৰ ছবি জগতক মন্ত্ৰমুগ্ধ কৰা ৰেখাই(Rekha) ১৯৫৪ চনৰ আজিৰ দিনটোতে দক্ষিণ ভাৰতত জন্মগ্ৰহণ কৰিছিল ৷ গ্লেমাৰ জগতৰ আগশাৰীৰ তাৰকাৰ নাম মনলৈ আহিলে তালিকাৰ শীৰ্ষস্থানত ৰখা হয় অভিনেত্ৰী ৰেখাক ৷

ৰেখাৰ দেউতাক এগৰাকী তামিল অভিনেতা আৰু মাতৃ এগৰাকী তেলেগু অভিনেত্ৰী আছিল। সেইকাৰণেই ৰেখাই সৰুৰে পৰা চিনেমা জগতখনৰ প্ৰতি আকৰ্ষিত হৈছিল। ৰেখাই মাত্ৰ ১৫ বছৰ বয়সতে ছবিজগতত কাম কৰা আৰম্ভ কৰিছিল।ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি ছবিৰ কেৰিয়াৰলৈকে ৰেখাৰ জীৱনত বহু উত্থান পতনেৰে ভৰপূৰ(Rekha’s birthday )।

ৰেখাৰ সম্পূৰ্ণ নাম ভানুৰেখা গণেশন । কিন্তু চলচ্চিত্ৰ জগতত তেওঁক ৰেখা নামেৰে জনাজাত।১৯৬৬ ৰ দক্ষিণ ভাৰতৰ ছবি “ৰংগুলা ৰতন্ম”ৰ জৰিয়তে ৰেখাই ছবি জগতত আত্ম প্ৰকাশ কৰিছিল। ৰেখাই প্ৰায় ১৭৫ খন বলীউড আৰু বহু দক্ষিণ ভাৰতৰ ছবিত অভিনয় কৰিছিল ।৮০ৰ দশকত বলীউডৰ ছবিজগতত দপদপনি সৃষ্টি কৰা ৰেখাৰ জনপ্ৰিয়তা আজিও পূৰ্বৰ দৰেই বিদ্যমান(Bollywood’s evergreen beauty)।

ৰেখাই তিনিবাৰ ফিল্মফেয়াৰ আৰু এবাৰকৈ ৰাষ্ট্ৰীয় ফিল্ম পুৰষ্কাৰ লাভ কৰিছে। ইয়াৰ উপৰিও, অভিনেত্ৰী গৰাকীয়ে ভাৰত চৰকাৰৰ দ্বাৰা “পদ্মশ্ৰী” সন্মানো লাভ কৰিছে। বিগ বি অমিতাভ বচ্চনৰ নাম নিশ্চিতভাৱে ৰেখাৰ সৈতে জড়িত হৈ আহিছে। দুয়োৰে প্ৰেমৰ কাহিনীবোৰে এতিয়াও শিৰোনাম দখল কৰে। জয়া ভাদুৰীয়ে অমিতাভ আৰু ৰেখাৰ মাজত প্ৰৱেশ কৰিছিল আৰু বিবাহ পাশত আৱদ্ধ হৈছিল বুলিও কথাষাৰ চৰ্চিত।

ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ লগত থকা ৰেখাৰ সম্পৰ্কই বহু চৰ্চা লাভ কৰে(Happy birthday Rekha)৷

কিন্তু কেতিয়াও দুয়োজন নিজৰ সম্পৰ্কৰ কথা স্বীকাৰ নকৰিলে।দুয়োজনক শেষবাৰৰ কাৰণে “চিলচিলা”নামৰ ছবিখনত একেলগে দেখিবলৈ পোৱা যায় ।এই ছবিখনত জয়া বচ্চনে অভিনয় কৰিছিল।উল্লেখযোগ্য যে ,এই ছবিখন ৰেখা,অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ জীৱনৰ ওপৰত কেন্দ্ৰীত বুলি চৰ্চা লাভ কৰি আহিছে ৷

ৰেখাৰ অভিনয়ৰ লগতে তেওঁৰ অভিব্যক্তি, পিন্ধনত ৰেচমী শাৰী আৰু আবেগৰ প্ৰদৰ্শনে দৰ্শকৰ মাজত প্ৰশংসা লাভ কৰিছিল ৷ৰেখাই পৰিধান কৰা কাঞ্জিভৰম শাৰী আজিও সকলোৰে প্ৰিয় ৷ তেওঁৰ চাউথ ইণ্ডিয়ান পোছাকে ফেশ্বনৰ জগতখনত অন্য এক ট্ৰেণ্ডৰ সৃষ্টি কৰে