Local, Vocal, Global

ঘূৰাই দিব তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত যোগ্যতা অৰ্জন নকৰা প্ৰাৰ্থীসকলৰ পৰীক্ষাৰ মাচুল

নিউজ ডেস্ক, ২৮ আগষ্ট : অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত যোগ্যতা অৰ্জন নকৰা প্ৰাৰ্থীসকলৰ পৰীক্ষাৰ মাচুল ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে।

গুৱাহাটীৰ আজাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেডিঅ’ ভাষণ ‘মন কি বাত’ত উপস্থিত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই এইটোও কৈছিল যে যদি সম্ভৱ হয় তেন্তে এমাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, “ৰাজ্যখনৰ সকলো পৰীক্ষা কেন্দ্ৰতে শান্তিপূৰ্ণভাৱে পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। পৰীক্ষাৰ সময়ত কোনো ধৰণৰ অসদাচৰণৰ খবৰ পোৱা নাই।”

শৰ্মাই লগতে কয় “আমি এমাহৰ ভিতৰত ফলাফল ঘোষণা কৰিবলৈ চেষ্টা কৰিম। পৰীক্ষাত যোগ্যতা অৰ্জন নকৰা সকলো প্ৰাৰ্থীয়ে তেওঁলোকৰ মাচুল ঘূৰাই পাব। ফলাফল ঘোষণা হোৱাৰ পিছত মাচুলবোৰ তেওঁলোকৰ বেংক একাউণ্টলৈ ঘূৰাই দিয়া হ’ব,” ।

তেওঁ লগতে কয়, “আমি কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ মাচুল ৰাখিম।”

ৰাজ্যৰ ২৫ খন জিলাৰ ১৯০৩ টা কেন্দ্ৰত দেওবাৰে গ্ৰেড-৩ ৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল।

পৰীক্ষা অনুষ্ঠিত হৈ থকা জিলাসমূহত অসম আৰক্ষীৰ দ্বাৰা কঠোৰ নিৰাপত্তা ব্যৱস্থা ৰখা হৈছিল।