Local, Vocal, Global

মনিপুৰ ননি জিলাত উদ্ধাৰ আৰু এটা মৃতদেহ

নিউজ ডেক্স,১৬ জুলাই : নিৰন্তৰ অনুসন্ধান অভিযানৰ পিছত ননি জিলাৰ ট্ৰেজেডী স্থানত উদ্ধাৰ আৰু এটা মৃতদেহ ।

এতিলৈকে উদ্ধাৰ কৰা মৃতদেহৰ সংখ্যা হৈছে মুঠ 55 আনহাতে কমেও 6 জন লোক এতিয়াও সন্ধানহীন হৈ আছে।

আজি ভয়ংকৰ ভূমিস্খলনৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হয় আৰু এজন শ্ৰমিকৰ মৃতদেহ।

ভূমিস্খলনৰ ভুক্তভোগীসকলৰ বেছিভাগেই টেৰিটৰিয়েল আৰ্মীৰ ১০৭ তম পদাতিক বেটেলিয়নৰ শ্ৰমিক আৰু কৰ্মচাৰী আছিল।

লক্ষণীয়ভাৱে, মণিপুৰৰ নোনি জিলাৰ টুপুল অঞ্চলত সংঘটিত দুৰ্ঘটনাটোত ভাৰতীয় সেনা, অসম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মী, SDRF আৰু NDRF ৰ সৈতে জড়িত এক বহু-সংস্থাৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।

মণিপুৰৰ নোনি জিলাৰ ভূমিস্খলনপীড়িত টুপুল অঞ্চলত অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে গধুৰ যন্ত্ৰপাতি মোতায়েন কৰা হৈছে।

উল্লেখ্য যে উদ্ধাৰ অভিযানৰ সমূহ ২ দিনলৈ বৃদ্ধি কৰা হৈছে।