Local, Vocal, Global

Deprived From Govt Schemes : উন্নয়নৰ নমুনা দেখিলে হতভম্ভ হৈ পৰিব আপুনিও

গোগামুখ, ১নৱেম্বৰ : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ । বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?

খবৰ লবলৈ আহৰি আছে নে জনপ্ৰতিনিধিৰ ? নে উন্নয়নৰ ঢাক-ঢোল বজোৱাত ব্যস্ত হৈ আছে । উন্নয়নৰ নমুনা দেখিলে হতভম্ভ হৈ পৰিব আপুনিও । একাংশই কেৱল যেন ৰাইজক ভোট বেংক হিচাপে ব্য়ৱহাৰ কৰি আহিছে ।

গোগামূখৰ উন্নয়ণৰ নগ্নস্বৰূপ । কুম্ভকৰ্ণ নিদ্ৰাত বিধায়ক(Deprived From Govt Schemes) ।

শাসনাধিষ্ঠ চৰকাৰখনৰ আঁচনিৰ সীমা-সংখ্যা নাই (Assam Gov Development Schemes) । বিভিন্ন আঁচনিৰ নামকৰণেৰে হিতাধিকাৰী সৃষ্টি কৰা এইখন চৰকাৰে নিজকে জনদৰদী হিচাবে দাবী কৰি আহিছে ।শাসনাধিষ্ঠ চৰকাৰখনে চৰকাৰী আঁচনিবোৰৰ ঢাক-ঢোল বজাই আহিছে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে ।

কিন্তু এই চৰকাৰী আঁচনিবোৰৰ পৰা প্ৰকৃততে কিমান উপকৃত হৈছে সৰ্বাসাধাৰণ ! উপযুক্ত ব্যক্তি তথা পৰিয়ালে লাভ কৰিছেনে আঁচনিবোৰৰ সুবিধা ? নে কেৱল প্ৰচাৰৰ চমকৰ বাবেই এইবোৰ আঁচনি ! এই আঁচনিবোৰে এতিয়াও ঢুকি পোৱা নাই একাংশ অঞ্চল তথা প্ৰকৃত হিতাধিকাৰীক (Real Beneficiary Deprived From Govt Schemes) ।

যিটো সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে , সেই সময়তে গোগামুখৰ এটি পৰিয়াল বঞ্চিত হৈ আহিছে চৰকাৰী আঁচনিৰ পৰা । চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এটি পৰিয়ালক ।

প্ৰধানমন্ত্ৰী আৱাস যোজনা , উজলা , গ্ৰাম্য বিদ্যুতিকৰণ , অৰুনোদয় আদি চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে এটি পৰিয়াল ৷ পৰিয়ালটোৰ কোনো অভিজ্ঞ ব্যক্তি নোহোৱাৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰী তথা গাওঁ পঞ্চায়ত সদস্য আদিৰ প্ৰতিনিধি সকলে বছৰ বছৰ ধৰি ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰি আহিছে ।

বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰূপহী এন চি চাউলধূৱা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়াল । বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰূপহীতৰ এই পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি গাহৰি গৰাল সদৃশ ঘৰত বসবাস কৰি আহিছে । ভঙা পজাত বাস কৰি আহিছিল সূভাশ মুণ্ডাৰ পৰিয়ালটি । এক কদৰ্যময় পৰিৱেশত জীৱন সংগ্ৰামত ব্যস্ত এই দৰিদ্ৰ পৰিয়ালটোৱে দিন হাজিৰা কৰি কোনোমতে দুবেলা দুমুঠিৰে জীৱন নিৰ্বাহ কৰি আহিছে । কেতিয়াবা কাম বন কৰিবলৈ নাপালে অনাহাৰে জীৱন অতিবাহিত কৰিবলগীয়া হয় এই দুৰ্ভগীয়া পৰিয়ালটো ।

সূভাশ মুণ্ডা পৰিয়ালয়ালটিয়ে ফটা বস্তা, ফটা কাপোৰ, ফটা -চিটা টিৰপালে ঘৰ নিৰ্মান কৰি সূভাশৰ লগতে পত্নী-পুত্ৰ সহ পৰিয়ালটিয়ে ৰ’দে বৰষুনে বছৰ বছৰ দিন কটাইছে ভঙা জুপুৰিতটো ।

এনেদৰে বিভিন্ন সমস্যাত আৰ্থিক ভাৱে বিধ্বস্ত পৰিয়ালটোক চৰকাৰৰ সহায়ৰ প্ৰয়োজন। যি সময়ত প্ৰধান মন্ত্ৰী আৱাস যোজনা , উজলা আঁচনি , অনাময় অভিযান , বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আদি দৰিদ্ৰ পৰিয়ালক উপকৃত কৰাৰ যিবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে । তেনেসময়তে প্ৰকৃত হিতাধিকাৰীয়ে এই আঁচনি সমূহৰ পৰা বঞ্চিত হোৱাটো সন্দেহৰ বিষয় বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ।

উল্লেখ্য যে এই পৰিয়ালটোক ঢুকি পোৱা নাই কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আৰ্থিকভাৱে জুৰুলা পৰিয়ালৰ মাজত প্ৰদান কৰা চৰকাৰী আঁচনি সমূহে পৰিয়ালটোক স্পৰ্শ কৰিব নোৱাৰাটো অতি পৰিতাপৰ কথা ।

এতিয়া প্ৰশ্ন হয় দৰিদ্ৰতাৰে যুঁজি থকা এই পৰিয়ালটোৰ বাবে স্থানীয় বিধায়কে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে ? নে এনে দৰে জীৱন কটাব লাগিব দুৰ্ভগীয়া পৰিয়ালটোৱো। সেয়া সময়ত লক্ষণীয়া হ’ব ।

লগতে পঢ়ক : Deprived From Govt Schemes : বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?