ৰাছিয়াক আক্ৰমণ কৰিবলৈ সম্পুৰ্ণৰূপে সাজু NATO

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : ইউক্ৰেইনৰ ওপৰত সামৰিক আক্ৰমণ অব্যাহত থকাৰ সময়তেই সন্দেহ প্ৰকাশ কৰা হৈছে যে, ৩০খন দেশৰ সংযুক্ত গোট NATOৱে আক্ৰমণ কৰিব পাৰে ৰাছিয়াক। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি NATOৱে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।
বাতৰি অনুসৰি, ৰাছিয়াৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছে ৩০খন NATO সদস্য ৰাষ্ট্ৰই । উল্লেখ্য, ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছৰে পৰা কেইবাটাও আক্ৰমণ সংঘটিত হৈছে ইউক্ৰেইনত । ৰাছিয়াই ইউক্ৰেইনৰ ১১টা ঠাইত একেলগে আক্ৰমণ চলাইছে, যাৰ ফলত ইউক্ৰেইনত থকা সামৰিক ঘাটিসমূহ ধ্বংস হোৱা বুলি জানিব পৰা গৈছে।
এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত NATOৱে এখন জৰুৰী বৈঠক আহ্বান কৰিছিল আৰু এই বৈঠকতে কৈছে যে এতিয়া NATO ৰ অধীনত ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰিছে।