Explosion in a paint industry : ভয়ংকৰ বিস্ফোৰণ, ১৪জনকৈ লোক গুৰুতৰভাৱে অগ্নিদগ্ধ
নেশ্যনেল ডেস্ক, ১৭জুলাই : দেওবাৰে নিশা ভয়ংকৰ বিস্ফোৰণৰ। তেলেংগানাৰ ৰংগাৰেড্ডী জিলাৰ ফাৰুকনগৰত এই বিস্ফোৰণৰ ঘটনা । জানিব পৰা মতে, তেলেংগানাৰ ৰংগাৰেড্ডী জিলাত অৱস্থিত এটা শ্ৰীনাথ ৰোটো পেক প্ৰাইভেট লিমিটেডৰ ডায়েপাৰ আৰু ৰং নিৰ্মাণৰ কাৰখানাত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয় (Explosion in a paint industry)।
প্ৰাপ্ত তথ্য অনুসৰি, ৰং নিৰ্মাণৰ কাৰখানাত শ্ৰমিকসকলে কাম কৰি থকা সময়ত হঠাতে বিস্ফোৰণ ঘটে আৰু নিমিষতে জুইৰ লেলিহান শিখাই কাৰখানাটো চানি ধৰে ।কাৰখানাত কাম কৰি থকা লোকসকলে জুই নিৰ্বাপনৰ বাবে চেষ্টা কৰে যদিও জুই নুমুৱাবলৈ ব্যৰ্থ হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৫০ জনতকৈ অধিক শ্ৰমিক কাৰখানাটোত কৰ্মৰত অৱস্থাত আছিল ৷ ইয়াৰে ১৪জনকৈ লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱাৰ লগতে সামান্যভাৱে অগ্নিদগ্ধ হয় কেইবাজনো লোক (Reactor Explosion in Hyderabad Paint Industry Injures Workers) ।
ইফালে এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণলৈ আনে। আৰু অগ্নিকাণ্ডত আঘাতপ্ৰাপ্ত হোৱা আটাইকেই ততাতৈয়াকৈ শদনগৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ পাছত চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, ১৪ জন ব্যক্তিৰ ভিতৰত ১১ জন ব্যক্তিৰ ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হৈছে(11 workers injured after explosion at packaging company in Shadnagar) । আৰু তেওঁলোকৰ অৱস্থা অতি সংকটজনক । প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাচত আটাইকেই উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদৰ গান্ধী আৰু ওছমানিয়া হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আৰু বাকী কেইজনক ডি আৰ ডি অ’ হাস্পতাললৈ লৈ যোৱা হয়। বাকী সামান্য অগ্নিদগ্ধ তিনিজনক ঘৰলৈ যাবলৈ দিয়া হয় ।
খবৰ অনুসৰি , এই ভয়ংকৰ অগ্নিকাণ্ডত হতাহত লোককেইজনৰ বয়স ৩০ বছৰৰ তলৰ আৰু তেওঁলোক উদ্যোগৰ ওচৰৰ গাঁৱৰ লোক। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Forest Dept Firing in Juria : অনাধিকাৰ প্রৱেশকাৰীলৈ বন বিভাগৰ গুলীচানলা, গুলীচালনাত নিহত মহিলা, ৫ জন আহত