Local, Vocal, Global

Bajrang Dal Arms training : প্ৰতিধ্বনি হ’ল ৰাজ্যত! মঙলদৈৰ ৰাজপথতো পিষ্টল লৈ বজৰঙৰ সমদল

নিউজ ডেস্ক, ২ আগষ্ট : বজৰঙৰ বন্দুক চালনাৰ প্ৰশিক্ষণক লৈ উত্তাল ৰাজ্য (Bajrang Dal Arms training) । মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰৰ অধ্যক্ষ আৰু প্ৰশাসনিক বিষয়াক আৰক্ষীৰ জেৰা (Bajrang Dal Arms training)। বজৰং দলৰ কাৰ্যকৰ্তা অভিজিৎ ঘোষৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষৰ এজাহাৰ। ১২০ জন যুৱকক যোগ শিকাবলৈ স্কুল ব্যৱহাৰৰ অনুমতি লৈ বজৰং দলে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিছিল ৫৫৫ জন যুৱকক।

পিছে মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰত চলা গুলীৰ শব্দ সমগ্ৰ অসমত প্ৰতিধ্বনি হোৱাৰ পিছত তৎপৰ হ’ল আৰক্ষী। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইটৰ পিছত মঙলদৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰি আটক কৰিলে অধ্যক্ষ হেমন্ত কুমাৰ পায়েং আৰু প্ৰশাসনিক বিষয়া ৰতন দাসক। দুয়োকে জেৰা চলোৱাৰ সময়তে যোগ প্ৰশিক্ষণৰ ছলেৰে গুলী চলোৱাৰ প্ৰশিক্ষণ দিয়া বজৰং দলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একালৰ মন্ত্ৰী জয়নাথ শৰ্মা মালিকানাধীন বিদ্যালয়ৰ কৰ্তৃপক্ষ।

উল্লেখ্য মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত বজৰং দলে আয়োজন কৰা মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ শিবিৰৰ সন্দৰ্ভত ফাদিল হৈছে ন ন তথ্য । যোগ প্ৰশিক্ষণ শিবিৰৰ নামত মঙলদৈৰ মহর্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ পৰা বজৰং দলে লৈছিল অনুমতি । ইফালে দৰং জিলা আয়ুক্তই এই সন্দৰ্ভত মহর্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দাখিলও কৰিছে এজাহাৰ (Case filed against Bajrang Dal for arms training) ৷

পিছে বিদ্যালয়ৰ উপাধক্ষ্যই এজাহাৰ দাখিল কৰাৰ পূৰ্বেই আত্মগোপন কৰিছে আৱেদনকাৰী অভিজিৎ ঘোষে। কেৱল অভিজিৎ ঘোষেই নহয়, গোচৰ ৰুজু হোৱাৰ পিছত ২৭ ৰ পৰা ৩০ জুলাইলৈ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণত অংশ লোৱা ৫৫৫ গৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে পলাতক হৈ আছে সুব্ৰত দাসকে ধৰি বজৰং দলৰ বহু কাৰ্যকৰ্তা।

ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা ১০ ৰ পৰা ১৫ জনকৈ প্ৰশিক্ষাৰ্থীয়ে অংশ লৈছিল বজৰং দলৰ সেই শিৱিৰত । আনকি ত্ৰিপুৰা, মেঘালয় আৰু গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰৰ বহু যুৱকে লৈছিল অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ। ইমানেই নহয়, বন্দুক চলোৱাৰ প্ৰশিক্ষণ আৰম্ভ হোৱাৰ এদিন পূৰ্বে মঙলদৈ চহৰত ৰাষ্ট্ৰীয় বজৰং দলে উলিওৱা কাৰ্গিল বিজয় দিৱসৰ সমদলো সোমাই পৰিছে আন এক বিতৰ্কত।

আৰক্ষীৰ উপস্থিতিত বজৰং দলৰ একাংশ নেতাই কঁকালৰ খোচনিত পিষ্টল গুঁজি ৰাজপথত সমদল কৰাক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ । আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত বিদ্যালয়ত বন্দুক চলোৱাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু হ’লে কিয় সাৰি যাব প্ৰকাশ্য দিবালোকত পিষ্টল লৈ প্ৰছেচন কৰা বজৰং দলৰ এইসকল নেতা-কৰ্মী? উন্মুক্ত ৰাজপথত পিষ্টল লৈ সমদল কৰা বজৰং দলৰ নেতা-পালি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি উচিত শাস্তি বিহিব পাৰিবনে অসম আৰক্ষীয়ে?

উল্লেখ্য যে ৰাষ্ট্ৰীয় বজৰং দলে অস্ত্ৰ চালনাৰ প্রশিক্ষণ দিয়া সন্দৰ্ভত ছ‘চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই উত্তাল হৈ পৰিছে ৰাজ্য ।

লগতে পঢ়ক : Assam Education System : ৰাজ্যত মঙলবাৰৰ পৰা সলনি হ’ল স্নাতক-স্নাতকোত্তৰ শিক্ষা ব্যৱস্থা