Local, Vocal, Global

ৰাজ্যত পুনৰ ৰেগিঙৰ ঘটনা !এইবাৰ গোৱালপাৰা সৈনিক স্কুলত ভয়ংকৰ ৰেগিং কাণ্ড

ডিজিটেল ডেস্ক:- ৰাজ্যত পুনৰ ৰেগিঙৰ ঘটনা।এইবাৰ গোৱালপাৰা সৈনিক স্কুলত ভয়ংকৰ ৰেগিং কাণ্ড। সৈনিক স্কুলৰ জ্যেষ্ঠ ছাত্রই নিৰ্মম প্রহাৰ কৰিলে কনিষ্ঠ ছাত্রক।এতিয়াও ৰাজ্যত একাংশই ছাত্ৰই ৰেগিং কাণ্ড সংঘটিত কৰি আহিছে।জানিব পৰা অনুসৰি, জ্যেষ্ঠ ছাত্রই নিৰ্মম প্রহাৰ কৰিলে কনিষ্ঠ ছাত্রক। ইতিমধ্যে ৰেগিঙৰ ভয়ংকৰ ভিজুৱেল সংবাদমাধ্যমৰ হাতত আহি পৰিছে।যি দেখিলে আপুনিও আচৰিত হৈ পৰে।ঘটনা সন্দৰ্ভত DGPক অভিযোগ দিছিল অভিভাৱকে আৰু ইয়াৰ পাছতেই ৰেগিং কাণ্ডক লৈ মৰনৈ থানাত ৰুজু কৰা হৈছে গোচৰ।