Local, Vocal, Global

Lok Sabha election: আজি পুনৰ মণিপুৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ

নিউজ ডেস্ক,২২ এপ্ৰিল : আজি পুনৰ মণিপুৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ(Lok Sabha election)। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৃষ্টি হোৱা অশান্ত পৰিৱেশৰ বাবে মণিপুৰৰ কেইবাটাও ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন হোৱা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৰাজ্যখনৰ নিৰ্বাচন আয়োগে আজি পুনৰ ১১টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল(Re-polling at 11 booths in Manipur today after violence in Phase 1) ।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ থকাৰ মাজতে দুপৰীয়াভাগত ইম্ফলৰ খংমান জিলাত দুৰ্বৃত্তই হঠাতে গুলীয়াগুলি আৰম্ভ কৰি জনতাৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।

লগতে পঢ়ক : Tragic Accidents in Kaliabor : বিয়া খাই ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত বাইক আৰোহী