দেশত পুনৰ অঘটন

নিউজ ডেস্ক, ১৯ জুলাই : দেশত পুনৰ সংঘটিত হৈছে এক অঘটন। মহাৰাষ্ট্ৰৰ পুনেৰ এটা শ্ব’ৰুমত সোমবাৰে চাৰ্জ কৰাৰ সময়ত প্ৰায় সাতখন বৈদ্যুতিক বাইক জ্বলি উঠে আৰু শ্ব’ৰুমটো জুইয়ে আগুৰি ধৰে।
অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনাইছিল যে সোমবাৰে সন্ধিয়া পুনেৰ গংগাধাম অঞ্চলৰ শ্ব’ৰুমত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাটোত কোনো লোক আহত হোৱা নাছিল।
বৈদ্যুতিক বাইকসমূহ চাৰ্জ কৰিবলৈ নিয়াৰ সময়ত শ্বৰ্ট চাৰ্কিটৰ বাবে জুই লাগিছিল বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও বিষয়াসকলে অত্যাধিক চাৰ্জ দিয়াৰ বাবেও এনে হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে বিষয়াসকলে। অৱশ্যে, পুংখানুপুংখ অনুসন্ধানৰ পিছত হে পোহৰলৈ আহিব প্ৰকৃত কাৰণটো পোহৰলৈ আহিব।
অগ্নি নিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনাইছিল যে তেওঁলোকে কালি নিশা প্ৰায় ৮ বজাত এটা ফোন পাইছিল যাৰ পিছত তেওঁলোকে ঘটনাস্থলীলৈ গৈ দেখিছিল যে মেৰামতিৰ বাহিৰেও আন সাতখন বাইক জ্বলি গৈছিল।