Local, Vocal, Global

Ratan Tata Passes Away at 86 :দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান;ৰতন টাটাৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নিউজ ডেস্ক,১০অক্টোবৰ : ভাৰতৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান ঘটে। বুধবাৰে নিশা মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট উদ্যোগপতি ৰতন টাটাই । টাটাৰ মৃত্যুত ম্ৰিয়মাণ সমগ্ৰ দেশ৷ ৰতন টাটাৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ(Ratan Tata Passes Away at 86)৷

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে(Prime Minister Narendra Modi) তেওঁৰ বিয়োগত শোক প্ৰকাশ কৰি টাটাক এগৰাকী “দুৰদৰ্শী ব‍্যৱসায়ী নেতা”, “দয়ালু আত্মা” আৰু “অসাধাৰণ মানৱ” বুলি অভিহিত কৰি শোক প্ৰকাশ কৰে(Ratan Tata Passes Away at 86, Tribute by PM Modi)।

প্ৰধানমন্ত্ৰীয়ে X (পূৰ্বৰ টুইটাৰ) ত লেখিছে, “শ্ৰী ৰতন টাটাজীয়ে ডাঙৰ সপোন দেখা আৰু সমাজলৈ উভতাই দিয়াৰ যি উদাৰ মনোভাৱ দেখুৱাইছিল, সেইয়া সদায়েই অদ্বিতীয়। শিক্ষা, স্বাস্থ্যসেৱা, অনাময় আৰু পশু কল্যান আদিৰ দৰে বহুক্ষেত্ৰত তেওঁ আগৰণুৱা আহিছিল।”

লগতে পঢ়ক :Rekha’s birthday: আজি অভিনেত্ৰী ৰেখাৰ জন্মদিন