Rashtriya Rajput Karni Sena President Sukhdev Singh Gogamedi Shot Dead : শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা
নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ : গুলীচালনাৰ ঘটনা । সেনাৰ অধ্যক্ষলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচলনা ।
ৰাজস্থানৰ শ্যাম নগৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷মঙলবাৰে সংঘটিত হৈছে এই ঘটনাটো ।
মঙলবাৰে শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীলৈ লক্ষ্য কৰি কোনো দুৰ্বৃত্তই গুলীবৰ্ষণ কৰে । মঙলবাৰে নিশা প্ৰায় ১:৪৫ বজাত গোগামেড়ী নিজ বাসগৃহৰ বাহিৰত থকা অৱস্থাত সংঘটিত হয় এই ঘটনাটো(Rashtriya Rajput Karni Sena President Sukhdev Singh Gogamedi Shot Dead In Jaipur) ।
জানিব পৰা মতে, স্কুটাৰত অহা দুজন ব্যক্তিয়ে আক্ৰমণ কৰে সেনাৰ অধ্যক্ষজনক।দুৰ্বৃত্তই গুলীচালনা কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।
গুলীবৰ্ষণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সেনাৰ অধ্যক্ষ সুখদেৱ সিং । আঘাত প্ৰাপ্ত সেনাৰ অধ্যক্ষ লৈ ততাতৈয়াকৈ গোগামেড়ীক মেট্ৰ’ মাস্ক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অধ্যক্ষগৰাকীয়ে মৃত্যুক সাৱতি লয় ৷
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।আৰক্ষীৰ প্ৰাথমিক তদন্তত অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীলৈ কোনো অচিনাক্ত দুৰ্বৃত্তই গুলী কৰা বুলি তথ্য লাভ কৰিছে । এই ঘটনাৰ পিচতে আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে(Rashtriya Rajput Karni Sena President Sukhdev Singh Gogamedi Shot Dead) ৷
লগতে পঢ়ক :Tiger Roaming in Domdoma : ৰাজ্যত বাঘৰ সন্ত্ৰাস; নাহৰ ফুটুকী বাঘৰ আক্ৰমণত আহত মহিলা শ্ৰমিক