Rare species of Turtles found : ধুবুৰীত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছ
নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : ধুবুৰীত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছ ।
শুকুৰবাৰে ধুবুৰী জিলাৰ শৌলমাৰীৰ খেকশিয়ালী হুলিয়ামাৰী বিলৰ পৰা মাছ মাৰিবগৈ এগৰাকী মহিলাই উদ্ধাৰ কৰে এই বিৰল প্ৰজাতিৰ কাছটো।
পিচত অঞ্চলটোৰ সচেতন লোকে ধুবুৰীৰ প্ৰকৃতিপ্ৰেমী যুৱক মেহতাব উদ্দিনক খবৰ দিয়ে। ইয়াৰ পাছতে শনিবাৰে পুৱা প্ৰকৃতিপ্ৰেমী যুৱকগৰাকীয়ে ধুবুৰী বন বিভাগৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ উক্ত বিৰল প্ৰজাতিৰ কাছটি উদ্ধাৰ কৰি ধুবুৰী লৈ নিয়ে। এই কাছক আচাম ৰুফটেট টাৰ্টল বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম পেংশুৰা ছিলহেটেনচিচ(Rare species of Turtles found)।
স্থানীয় ৰাইজে বিৰল প্ৰজাতিৰ কাছটিক উদ্ধাৰ কৰি সযত্নে ৰখাৰ বাবে ধুবুৰী বন বিভাগে ৰাইজৰ প্ৰতি কৃতজ্ঞতা জনাইছে। আজি প্ৰকৃতিপ্ৰেমী যুৱক মেহতাব উদ্দিন আহমেদে বন বিভাগৰ সহযোগত ধুবুৰীত ব্ৰহ্মপুত্ৰ নৈত কাছটোক এৰি দিয়ে জনায়।
লগতে পঢ়ক :Massive fire breaks out in Silapathar : চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত দুখনকৈ দোকান