Jonai Rape Case : ৪০ বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল নেকি ৫বছৰীয়া নাবালিকা ?
জোনাই, ২৭ডিচেম্বৰ : ৫বছৰীয়া নাবালিকা ধৰ্ষণ কৰাৰ অভিযোগ ৪০ বছৰীয়া লম্পটৰ বিৰুদ্ধে ।
ৰাজ্যত পুনত ধৰ্ষণকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য ঘটনাৰ। এইবাৰ জোনাইত সংঘটিত হৈছে আন এক জঘন্য ঘটনাৰ ।
বিগত কেইবাদিন ধৰি ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড (Girl Raped in Jonai) । আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে। কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা(Rape of Minor Girl in Jonai) ।
গাৰ নোম শিয়ৰি উঠা এক ঘটনা। ৪০ বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল নেকি ৫বছৰীয়া নাবালিকা ।
উল্লেখ্য যে, জোনাইৰ গালী মেচাকি গাঁৱত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড । একেখন গাঁৱৰে নিবাসী গৰ্গৰাম পাৱ নামৰ ৪০ বছৰীয়া লম্পটৰ বিৰুদ্ধে উত্থাপন হৈছে এগৰাকী পাঁচ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ ।
জানিব পৰা মতে লম্পট গৰ্গৰাম পাৱেয়ে কিশোৰীগৰাকীক বিস্কুটৰ প্ৰলোভন দি বুধবাৰ আৰু বৃহস্পতিবাৰে দুদিন ধৰি চোতালত থকা জল জীৱন মিছন আঁচনিৰ এটি কোঠালিলৈ মাতি নি ধৰ্ষণ কৰাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।
ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীয়ে সকলো কথা পৰিয়ালক অৱগত কৰে আৰু পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত গাঁৱৰ মানুহত ঘটনা সন্দৰ্ভত সকলো বিৱৰি কয় । ইয়াৰ পিছতে লম্পট গৰ্গৰাম পাৱে গাঁৱৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে কিশোৰগৰাকীক লগত লৈ লম্পট গৰ্গৰাম পাৱৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবীত জোনাই থানাত দাখিল কৰে এখন এজাহাৰ । আৰক্ষীয়ে গোচৰ নম্বৰ U/S 376AB-IPC, R/W Sec-6 of Pocso Act ৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : Road Accident : জুবিনৰ সংগীতানুষ্ঠানৰ মাজতেই পথ দুৰ্ঘটনাত ৫ জনকৈ যুৱক নিহত