Local, Vocal, Global

WATCH | Rape Case: পুনৰ পোহৰলৈ আহিছে আন এক ধৰ্ষণৰ ঘটনা

জামুগুৰিহাট,৯মাৰ্চ : ৰঙাপৰাত কিশোৰী ধৰ্ষণকাৰী আৰক্ষীৰ জালত ৷ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে এজনী কিশোৰীক ধৰ্ষণৰ অভিযোগত এজন যুৱকক আটক কৰে অসম আৰক্ষীয়ে।

ৰঙাপৰা আৰক্ষীয়ে পাঁচদিনৰ অন্তত ২ নং নামনিগাঁৱৰ তপন ৰাইক আটক কৰে আৰক্ষীয়ে।

মানৱ সমাজত লজ্জানত কৰা জঘন্য ঘটনাটি সংঘটিত হৈছিল যোৱা ৩ মাৰ্চত। ৰঙাপৰাৰ ২ নং নামনিগাঁৱৰ প্ৰায় ১৩ বছৰীয়া কিশোৰীজনীয়ে ৰঙাপৰা অনুষ্ঠিত হোৱা শিৱ মেলা উপভোগ কৰি নিজা গৃহলৈ ওভতি গৈ থকা অৱস্থাত হঠাৎ এখন বগা ৰঙৰ মটৰ চাইকেল আৰোহীয়ে বলপূর্বক ভাৱে উঠাই নি নাহৰণি চাহ বাগিচাৰ মাজত থকা শ্মশানৰ কাষত ধৰ্ষণ কাণ্ডটি সংঘটিত কৰিছিল(Rape Case)।

সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কিশোৰী গৰাকীৰ পৰিয়ালে এখন বগা ৰঙৰ মটৰ চাইকেলৰ আৰোহীয়ে বলাৎকাৰৰ কৰা বুলি থানাত দাখিল কৰিছিল এখন এজাহাৰ৷ এজাহাৰৰ ভিত্তিতে ৰঙাপৰাৰ কেইবাখনো বগা ৰঙৰ মটৰ চাইকেলৰ সন্ধানত অভিযান চলাই থকাৰ সময়তে যোৱা নিশা(AS-12-AG-9390) এ, এছ – ১২- এ, জি ৯৩৯০ নম্বৰৰ মটৰ চাইকেল সহ আৰোহীজনক আটক কৰে। ইফালে ধৰ্ষণৰ অভিযোগত আৰক্ষীয়ে আটক তপন ৰায়ে বলাৎকাৰৰ অভিযোগ অস্বীকাৰ কৰি ইয়াৰ এক উচিত তদন্তৰ দাবী জনাইছে। ধৰ্ষণকাণ্ডৰ সত্য, নিৰপেক্ষ তদন্তৰ দাবী জনাইছে পৰিয়ালৰ লোকে।

লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়া জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ ফিফটিন ফাইনেঞ্চ আঁচনিৰ নামত ব্যাপক দুৰ্নীতি