WATCH | Ranjit Kumar Das : কামৰূপ জিলাৰ সোণতলী-টুপামাৰী জিলা পৰিষদ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ
নগৰবেৰা,৫মে’ : আসন্ন পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰতি ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ যি ধৰণে সোঁত বৈছে ই বাস্তৱত পৰিণত হ’লে প্ৰধানমন্ত্ৰীৰ সপোনৰ বিকশিত ভাৰতবৰ্ষ গঢ়াত সহায়ক হ’ব।
কামৰূপ জিলাৰ সোণতলী-টুপামাৰী জিলা পৰিষদ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কেইবাটাও জনসভাত অংশ গ্ৰহণ কৰি এইদৰে কয় ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ণ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে(Ranjit Kumar Das)।
টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত এখন সভাত তেওঁ কয় এইবাৰ নিৰ্বাচনত অসমত প্ৰায় ৪০টা জিলা পৰিষদ সমষ্টিত বিজেপিৰ সংখ্যালঘু প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত হৈ পৰিছে। তেওঁ ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহক চৰকাৰৰ সৈতে থাকি সুন্দৰ অসম গঢ়াত সহায় কৰিবলৈ আহ্বান জনায়।
লগতে পঢ়ক : WATCH | Sipajar News :চেঙেলীয়াঝাৰ ১নং চ’কৰ নেতৃস্থানীয় যুৱ মঞ্চৰ উদ্যোগত ২৮ সংখ্যক ব’হাগী উৎসৱ উদযাপন