WATCH | Ranjeet Kumar Dass: ‘বিজেপিয়ে সদায় সন্মুখলৈ চাই আগবাঢ়ি গৈছে’
বঙাইগাঁও,২জুন : বিজেপিয়ে সদায় সন্মুখলৈ চাই আগবাঢ়ি গৈছে। বিজেপিৰ সংগঠন শক্তিশালী। কংগ্ৰেছে কেৱল নেতা সলনি কৰি আছে আৰু পিছলৈহে চাই আছে। সংখ্যালঘু অঞ্চলসমূহত কংগ্ৰেছৰ সংগঠন নাই। সংখ্যালঘু অঞ্চলৰ ৰাইজে বিজেপিক বিচাৰিছে।
২৬ৰ বিধানসভা নিৰ্বাচনত বঙাইগাঁও জিলাৰ তিনিওখন আসনতে বিজেপি মিত্ৰজোটে জয়লাভ কৰিব বুলি দাবী কৰাৰ লগত সৃজনগ্ৰাম সমষ্টিৰ পৰা বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থী জয়ী হৈ আহিব এই ভবিষ্যতবাণী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ(Ranjeet Kumar Dass)।
ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত সমষ্টি সমূহত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত এই দাবী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ।
দেওবাৰে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাংবাদিকৰ সন্মুখত এনে মন্তব্য আগবঢ়ায়।
লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোডৰ আমলিঘাট বামুণগাঁৱত অঘটন