Local, Vocal, Global

WATCH |Ranjeet Kumar Dass : বৰক্ষেত্ৰীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

নলবাৰী,২৭মে’ : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ দৌলাশাল-লাৰকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত দৌলাশাল গাঁৱৰ এলট চুপাত এম.জি.এনৰেগা আঁচনিৰ ৯ লাখ ৯৯ হাজাৰ টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ হোৱা CLF ৰ কাৰ্যালয়টোৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷

শুভ উদ্বোধন কাৰ্যসূচীৰ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়,”আমাৰ অসমৰ খণ্ড উন্নয়ন বিষয়াসকলে যাতে নলবাৰীৰ দৌলাশালৰ এই CLF কাৰ্যালয়টোক মডেল হিচাবে লৈ নিজৰ নিজৰ খণ্ডতো এম.জি.এনৰেগাৰ ৯ লাখ ৯৯ হাজাৰ টকাত এনেকুৱা CLF ৰ কাৰ্যালয় নিৰ্মাণ কৰে আজি তাৰেই আহ্বান জনালোঁ৷”

আজিৰ এই উদ্বোধনী অনুষ্ঠানটিত মন্ত্ৰীগৰাকীক সংগ দিয়ে গুৱাহাটী মহানগৰ উন্নয়ন নিগমৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত, মুখ্য কাৰ্যবাহী অভিযন্তা, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সভাপতি ৰাজু ডেকা, জিলা পৰিষদৰ সদস্যা চিমি বৰ্মন, বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনৰ লগতে পঞ্চায়তৰ নৱ নিৰ্বাচিত সদস্যসকল(Ranjeet Kumar Dass)৷

ইয়াৰ পিছতেই মুকালমুৱাত নির্মাণৰত অসমী গ্রাম্য মার্ট পৰিদৰ্শন কৰাৰ উপৰিও বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পঞ্চদশ বিত্ত আয়োগৰ অধীনত নিৰ্মাণ হোৱা মঞ্চৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰে। বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পঞ্চদশ বিত্ত আয়োগৰ অধীনত নিৰ্মাণ হোৱা সভাকক্ষৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰে। ইয়াৰ পিছতে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বিষয়াবৰ্গৰ সৈতে পর্যালোচনা সভাত অংশগ্রহণকৰে মন্ত্ৰীগৰাকীয়ে।

জানিব পৰা মতে,বৰভাগ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বিষয়াবৰ্গৰ সৈতে পর্যালোচনা সভাত অংশগ্রহণ কৰিব মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক : WATCH | Akhil Gogoi : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লাভ কৰা গৌৰৱ গগৈক শুভেচ্ছা জনালে অখিল গগৈৱে