Local, Vocal, Global

WATCH | Ranjeet Kumar Dass : চাপৰৰ ৰঙামাটিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

চাপৰ,৩মে’ : দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ব্যাপক নিৰ্বাচনী প্ৰচাৰ শাসকীয় দল বিজেপিৰ।

৭৫% সংখ্যাক জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত দখল কৰিব বিজেপিয়ে – মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।

চাপৰৰ ৰঙামাটিত বিজেপি’ৰ নিৰ্বাচনী সভা। সভাত উপস্থিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।

ফলিমাৰী জিলা পৰিষদৰ বিজেপি’ৰ মনোনীত প্ৰাৰ্থী মল্লিকা দাস লোহাৰ আৰু চাৰিজনকৈ আঞ্চলিক পঞ্চায়ত সদস্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী গৰাকীক সংগ দিয়ে প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, কে.এ.চি’ৰ কাৰ্যবাহী পাৰিষদ সুধিৰ চন্দ্ৰ ৰায়।

মন্ত্ৰী গৰাকীৰ দাবী নিশ্চিতভাৱে জয়লাভ কৰি মল্লিকা দাস লোহাৰ(Ranjeet Kumar Dass)।

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাষণত কংগ্ৰেছক সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰ উন্নয়নৰ আৰু আঁচনি সন্দৰ্ভত ৰাইজক অৱগত কৰে।

তেখেত কয় যে উজনি অসম, মধ্য অসম আৰু উত্তৰ অসমত কংগ্ৰেছ নাই! নামনি অসমত কংগ্ৰেছ আছিল যদিও এইবাৰ সংখ্যালঘু ৰাইজে পঞ্চায়ত সমূহত বিজেপিক ভোট দিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

আনহাতে সাংসদ গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নহয় আৰু গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভতও মন্তব্য আগবঢ়ায়।

লগতে পঢ়ক : WATCH | Orunudoi Scheme 3.0 : অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ প্ৰাক্তন পঞ্চায়ত সদস্যৰ