Local, Vocal, Global

Rangia railway police achieved major success: ৰঙিয়া ৰেল আৰক্ষীৰ বৃহৎ সফলতা

৭ ফেব্ৰুৱাৰী ২০২৫ ৱেবডেস্ক: সমগ্ৰ অসমতে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে এইবাৰ ৰঙিয়া ষ্টেচনত ৰেল আৰক্ষীৰ বৃহৎ সফলতা।বুজন পৰিমাণৰ ড্ৰাগছ সহ এজনক আটক। আটকাধীন ব্যক্তিজন বিহাৰৰ বৈশালী জিলাৰ তুলসী চাহানী।নামনি মুৱা লোকমান্য তিলক ৰেলৰ নিয়মীয়া তালাচীত অটক ড্ৰাগছ ব্যৱসায়ী জনক লগতে জব্দ কৰে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ৷বদৰপুৰৰ পৰাই লোকমান্য টিলক ৰেল যোগে বিহাৰলৈ বুলি আহিছিল লোকজনে।আটকাধীন লোকজনৰ পৰাই দহটা চাবোনৰ বাকচত ১১২গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰে ৰেল আৰক্ষীয়ে।জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২২লক্ষ্যধীক টকা।ৰঙিয়া ৰেল আৰক্ষী GRPৰ OC গুনজিৎ পাঠকৰ নেতৃত্বত গিৰিছ শৰ্মা,দিপক ৰাভা,ইমৰাণ হুছেইন, মুন্নাফ আলী আৰু নজৰুল হকৰ অভিযানত আটক হয় এই ড্ৰাগছ সৰবৰাহকাৰীজন ৰঙিয়াৰ পৰা হেমেন কলিতা ।