Local, Vocal, Global

WATCH | Rangia News: ৰঙিয়া আৰক্ষীৰ জালত বুজন পৰিমানৰ হেৰ’ইনসহ সৰবৰাহকাৰী

ৰঙিয়া,২৩ফেব্ৰুৱাৰী : আৰক্ষীকো যেন কেৰেপ নকৰে একাংশ ড্ৰাগছ মাফিয়াই। এতিয়াৰ সমাজত সহজ লভ্য হৈ পৰিছে নিষিদ্ধ ড্ৰাগছৰ বেহা। প্ৰতিদিনেই আৰক্ষীয়ে এজনৰ পিছত এজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে যদিও আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই সৰবৰাহকাৰী সকলে বিভিন্ন কৌশলৰে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা যাৰ বাবে নিজৰ সন্তান সকলক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক সকল।

এইবাৰ নিশা ৰঙিয়া আৰক্ষীৰ জালত সন্দেহজনক হেৰ’ইনসহ টফিকুল আলী।অপৰাধৰ বিৰুদ্ধে সষ্টম হৈ আছে অসম আৰক্ষী এই ক্ষেত্ৰত পিছ পৰি থকা নাই ৰঙিয়া আৰক্ষীও।ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে ৰঙিয়া আৰক্ষীৰ জালত পৰিছে সঘনাই ইটোৰ পিছত সিটোকৈ ড্ৰাগছ সৰবৰাহকাৰী।

এক গোপন তথ্যৰ ভিত্তিত ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথৰ নেতৃত্বত চলোৱা এক অভিযানত আটক হয় সন্দেহজনক হেৰ’ইনসহ এজন সৰবৰাহকাৰী৷ আটকাধীন সৰবৰাহকাৰী জন ৰঙিয়াৰ নিকটৱর্তী উদিয়ানা গাঁৱৰ উত্তৰ পথাৰ চুবুৰীৰ ৩৪ বছৰীয়া টফিকুল আলী বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে(Rangia News)।

অভিযানকালত আৰক্ষীয়ে টফিকুল আলীৰ বাসগৃহত তালাচী চলাই ১,৩৪ গ্ৰাম সন্দেহজনক হেৰ’ইনসহ ২৭টা খালি কণ্টেইনাৰৰ লগতে দুটাকৈ মোবাইল আৰু নগদ ১৮ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, দিনে-নিশাই আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ পিছতো আৰক্ষীৰ চকুত ধূলি দি একাংশই সহজ লভ্যৰ বিনিময়ত চলাই গৈছে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা।ইয়াকে লৈ এতিয়া এক চিন্তনীয় বিষয় হৈ পৰিছে আজিৰ সমাজত । সম্প্ৰতি সন্দেহজনক ড্ৰাগছসহ আটক হোৱা টফিকুল আলীক সোধা-পোচা কৰি অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে।

লগতে পঢ়ক :WATCH | Nagaon News: ৰূপহীহাটত আৰক্ষীৰ আৰু সামৰিক বাহিনী দলৰ বৃহৎ টহল