Local, Vocal, Global

WATCH | Rangia News : নিশা ৰঙিয়াত খন্তেকৰ বাবে দৰ্শন কৰে গুৰু প্ৰেমানন্দই

ৰঙিয়া,২৮জুন : নিশা সাজপাৰ বিতৰ্কত সোমাই পৰা মহাপ্ৰভু গুৰু প্ৰেমানন্দ বিদেশৰ পৰা ওভতনি যাত্ৰাত ৰঙিয়াত খন্তেকৰ বাবে দৰ্শন। ৰঙিয়াৰ হাইৱে চকত ভক্তৰ সমাগম।

ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যুৱনেতা প্ৰাণজিৎ চৌধুৰীসহ শতাধিক কংগ্ৰেছ কৰ্মীয়ে কৃষ্ণ গুৰু প্ৰেমানন্দ প্ৰভুক জনালে শুভেচ্ছা কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভুক লৈ বিতৰ্কৰ কোনো অৱকাশ থাকিব নালাগে(Rangia News)।

কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভু সমগ্ৰ অসমৰে গৌৰৱ। তেখেতৰ প্ৰেমৰ যি বাণী,আদৰ্শ তাৰেই সমাজত চলি থকা হিংসা বিদ্বেষ নিৰ্মূল হওঁক বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা প্ৰাণজিৎ চৌধুৰীয়ে। উল্লেখ্য যে চৌধুৰীয়ে এয়া এক সৌজন্যমূলক সাক্ষাৎ বুলি উল্লেখ কৰাৰ লগতে ২৬ৰ নিৰ্বাচনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলিও উল্লেখ কৰে।

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ ধলাইবিলত বৰমতা অসমী গ্ৰাম্য সংগঠন সাধাৰণ সভা সম্পন্ন