Local, Vocal, Global

WATCH | Rangia News : সন্ধানহীন উদীয়মান যুৱক সীমান্ত ডেকাৰ বাসগৃহত উপস্থিত বিধায়ক ভৱেশ কলিতা

ৰঙিয়া,২৩জুন : বিগত দহ দিন ধৰি সন্ধানহীন হৈ থকা ৰঙিয়া সীতাৰৰ উদীয়মান যুৱক সীমান্ত ডেকাৰ বাসগৃহত উপস্থিত প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতা।

নিৰুদিষ্ট সীমান্ত ডেকাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে(Rangia News)।

উল্লেখযোগ্য যে, যোৱা শনিবাৰে নিজ কৰ্মস্থলীলৈ ওলাই গৈছিল সীমান্ত আৰু সেইদিন‌ ধৰি আজিলৈ ৰহস্য জনক ভাৱে সন্ধানহীন হৈ আছে উদীয়মান যুৱকজন।পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল‌ কৰিছে যদিও আজি দহ দিন উকলি যোৱাৰ পিছতো যুৱক জনৰ কোনো ধৰণৰ সন্ধান‌ উলিয়াব পৰা নাই ৰঙিয়া আৰক্ষীয়ে যাৰ বাবে পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা।

লগতে পঢ়ক : WATCH | Nagaon News : নগাঁৱত লংতৰাই কোম্পানীৰ সংবাদমেলৰ আয়োজন