Local, Vocal, Global

WATCH | Rangia News: ৰঙিয়াত জীৱন্তে অগ্নিদগ্ধ এগৰাকী মহিলা

ৰঙিয়া,২০ফেব্ৰুৱাৰী : ৰঙিয়াত জীৱন্তে অগ্নিদগ্ধ এগৰাকী মহিলা। পুৱতি নিশা ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো।

শোৱা পাটিত অগ্নিদগ্ধ হোৱা মহিলাগৰাকী নাম মইনা নাথ। দুটি সন্তানৰ মাতৃ মইনা নাথ(Rangia News)।

অৱেশ্য অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, এই অগ্নিকাণ্ডৰ ফলত ঘৰৰ সকলো সম্পতি জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ সন্দেহ ৰাইজৰ। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপক কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যেই সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হয় মহিলাগৰাকী।

ইফালে এই অগ্নিকাণ্ডৰ ফলত সোণৰ গহনা, ৰূপৰ লগতে নগদ ধনো জুইত জাহ যায়।

লগতে পঢ়ক :WATCH | Manoranjan Talukdar : “বিজেপি বিধায়কৰ বাবে আমি প্ৰতিবাদ কৰিব লগা হ’ল”