Local, Vocal, Global

WATCH | Rangia News : পেঞ্চনাৰ্থীৰ ফাইলৰ কামৰ বাবদ ৭০ হাজাৰ টকা উৎকোচ লৈ ভিডিঅ’ ভাইৰেল

ৰঙিয়া,১৪জুন : এইবাৰ পেঞ্চনাৰ্থীৰ ফাইলৰ কাম আগবঢ়োৱাৰ বাবদ ৭০ হাজাৰ টকা উৎকোচ ল’লে চৰকাৰী কৰ্মচাৰী নিজৰা বাইদেউয়ে।

চৰকাৰী বেতনৰে পেট নভৰা হ’ল বাইদেউৰ। এইজনী কামৰূপ জিলা পৰিষদত কৰ্মৰত কৰ্মচাৰী নিজৰা কলিতা। বাইদেউ পেচাত এগৰাকী চৰকাৰী কৰ্মচাৰী কিন্তু মাজে সময়ে বাইদেউয়ে কৰে কিছুমান চৰকাৰ বিৰোধী কাম(Rangia News)।

এইবাৰ কেমেৰাত বন্দী বাইদেউয়ে ৭০হাজাৰ উৎকোচ লোৱা সমগ্ৰ দৃশ্য। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল বাইদেউৰ উৎকোচ লোৱা ভিডিঅ’। ৯ বছৰে পেঞ্চনৰ ধন নাপাই এতিয়া হুমুনিয়াহ কাঢ়িছে ৰঙিয়াৰ সমীপৰ শিমলুৱাৰ এইগৰাকী ৰাজেন কলিতাই।

ৰঙিয়াৰ পদুমকুঁৱৰী গাঁও পঞ্চায়তত কৰা চাকৰিৰ পৰা ৯ বছৰ পূৰ্বেই অৱসৰ লৈছিল ৰাজেন কলিতাই। কিন্তু আজি পৰ্যন্ত নাপালে পেঞ্চনৰ ধন। আনকি পেঞ্চনৰ ধন নোপোৱাৰ শোকতে উচ্চ ৰক্তচাপ হৈ তেওঁৰ পত্নীৰো মৃত্যু হয়।পেঞ্চনৰ কাম আগবঢ়োৱাৰ বাবদ কামৰূপ জিলা পৰিষদৰ হেড এছিছটেণ্ট নিজৰা কলিতাই বিচাৰিছিল ৭০ হাজাৰ টকা।

ৰাজেন কলিতাই ২০ হাজাৰ টকা আদায় দিছিল যদিও বাকী ধনৰাশি আদায় নিদিয়াৰ ফলত আজি ৯ বছৰে পেঞ্চনৰ কাম আগবঢ়োৱা নাই এইগৰাকী ঘোচ খোৰ কৰ্মচাৰীয়ে।জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এটা বিভাগত এইধৰণৰ ঘটনা। কি আশা কৰিব সাধাৰণ জনতাই !

লগতে পঢ়ক :Watch | Dalgaon Teacher beats the student with a stick: দলগাঁৱত গুৰুলা গুৰুলকৈ প্ৰহাৰ ছাত্ৰক শিক্ষকৰ